নাহৰকটীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ সম্পন্নঃ দেৱৰাজ বুঢ়াগোহাঁই শ্ৰেষ্ঠ গায়ক
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ডিব্ৰুগড়ৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়ৰ ৫৫ সংখ্যক মহাবিদ্যালয় সপ্তাহত এইবাৰ শ্ৰেষ্ঠ গায়কৰ খিতাপ লাভ কৰিছে দেৱৰাজ বুঢ়াগোহাঁইয়ে। ৯ জুনৰ পৰা ১১ জুনলৈকে অনুষ্ঠিত এই সপ্তাহৰ কালি অন্তিম দিনা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি অবিনাশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, শিক্ষক গোটৰ সভাপতি ডঃ অনন্ত কুমাৰ বৰুৱা, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুপৰ্ণ গগৈ আদি উপস্থিত থাকি বক্তব্য ৰখাৰ লগতে বঁটা সমূহ বিতৰণ কৰে। প্ৰণিধানযোগ্য যে যোৱা ১ জুনৰ পৰা ক্ৰীড়া প্ৰতিযোগিতা তথা ৯ জুনৰ পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হোৱা এইবাৰৰ মহাবিদ্যালয় সপ্তাহৰ পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে। আনহাতে ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে ক্ৰমে ছাত্ৰ একতা সভাৰ সভাপতি অৰিজিৎ চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক অবিনাশ বৰুৱাই। একেদৰে মঞ্চ মুকলি কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়া তথা অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ স্মৃতিৰেখা গগৈ গায়নে। মনকৰিবলগীয়া যে এইবাৰৰ প্ৰতিযোগিতাৰ জ্যোতি সংগীত, ৰাভা সংগীত, পাৰ্বতী প্ৰসাদ সংগীত আৰু জয়ন্ত সংগীত শিতানত প্ৰথম পুৰস্কাৰ লাভ কৰি দেৱৰাজ বুঢ়াগোহাঁইয়ে শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বঁটা লাভ কৰাৰ বিপৰীতে আধুনিক গীতত যুগল গগৈ আৰু বিয়ানামত জাহ্নৱী গগৈয়ে বঁটা লাভ কৰিবলৈ সক্ষম হয়। একেদৰে বিহু নৃত্য, আধুনিক নৃত্য আৰু গগনা বাদন শিতানত ৰীয়া চাউদাংয়ে শ্ৰেষ্ঠতাৰ খিতাপ লাভ কৰাৰ লগতে সৃষ্টিমূলক নৃত্যত টুইংকল বৰুৱাই আৰু দলীয় নৃত্য শিতানত টুইংকল বৰুৱাৰ দলে প্ৰথম পুৰস্কাৰ লাভ কৰে। ইয়াৰোপৰি পৰম্পৰাগত পোচাক আৰু ঠাইতে লিখা গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগতে ৬০ কেজি উৰ্ধৰ যুৱতীৰ পাঞ্জা আৰু যুৱতীৰ পাঞ্জাৰ চেম্পিয়ন অফ দা চেম্পিয়ণৰ খিতাপ লাভ কৰে জাহ্নৱী গগৈয়ে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা