অসম বাঘজানত সংঘটিত অগ্নিকাণ্ডত নিহত ২ জনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়কঃ মুখ্যমন্ত্ৰী সোণোৱাল By নিয়মীয়া বাৰ্তা On Jun 10, 2020 Share নিয়মীয়া বাৰ্তা, ১০জুনঃ তিনিচুকীয়াৰ বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ডৰ সময়ত কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটা অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰী দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে, এই ভয়ংকৰ অগ্নিকাণ্ডত নিহত লোকদুজনৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ক আহ্বান জনায় । ইপিনে নিহত দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ পৰিয়ালৰ এজনকৈ লোকক সংস্থাপন দিয়াৰো আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে । আনহাতে, এই ঘটনাত ক্ষতিগ্ৰস্ত হোৱা বাঘজান অঞ্চলটোৰ পৰিয়ালক সহায়ৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে সকলো ধৰণৰ কাম কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় । Featured Share