কমলপুৰৰ দ্বিগুণপাৰত পুঠিমাৰীৰ খহনীয়া প্ৰতিৰোধত ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ২৭ মেঃ গুৱাহাটী পশ্চিম জলসম্পদ সংমণ্ডলৰ অধীনস্থ তথা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দ্বিগুণপাৰত পুঠিমাৰী নদীৰ বাওঁফালে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইটো ত্ৰুটিপূৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে | বিগত ৩ এপ্ৰিলত স্থানীয় বিধায়ক দিগন্ত কলিতাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা উক্ত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা জিঅ ‘ বেগ ব্যৱহাৰ কৰি সম্পন্ন কৰাৰ বাবে আঁচনি লোৱা হৈছিল | সেই অনুসাৰে ঠিকাদাৰী ব্যৱস্থাৰে কামো আৰম্ভ কৰা হৈছিল যদিও ১-২৬ কৌটি টকীয়া নিৰ্দ্ধাৰিত ব্যয় সাপেক্ষ উক্ত খহনীয়া প্ৰতিৰোধী ব্যৱস্থাটো পুঠিমাৰী নদীৰ পানী সামান্য বৃদ্ধি হোৱাৰ লগে লগে এটা অংশ নদীৰ বুকুত জাহ যায় | এই দৃশ্য প্ৰত্যক্ষ কৰি নৈ-পৰীয়া ৰাইজ গভীৰ ভাৱে আতংকিত হৈ পৰিছে আৰু অতি নিম্নমানৰ কামৰ বাবে এনে হ’বলৈ পালে বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰিছে | কেইবাঠাইতো গছৰ মূৰাৰ ওপৰতে জিঅ’ বেগ স্থাপন কৰি যেনেতেনে কাম সমাপন কৰাৰ পদ্ধতি অৱলম্বন কৰি সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে অধিক মুনাফা অৰ্জনতহে গুৰুত্ব দিয়া বুলি তথা এইবোৰ দেখি-শুনি বিভাগীয় অভিযন্তা গৰাকীয়ে আশ্চৰ্যজনক ভাৱে মৌনব্ৰত লোৱা বুলি ৰাইজে গুৰুতৰ অভিযোগ কৰিছে | চৰকাৰে যিটো উদ্দেশ্যৰে জিঅ’ বেগ ব্যৱহাৰ কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ ওলোটা ফলহে পোৱাৰ আশংকা প্ৰকাশ কৰিছে সংশ্লিষ্ট অঞ্চলৰ ৰাইজে | ইফালে ঠিকাদাৰ গৰাকীয়ে স্থানীয় ৰাইজৰ ওপৰত কিছুমান মিচা অভিযোগ জাপি দি ব্যাপক অনিয়ম সংঘটিত কৰাৰ কৌশল গ্ৰহণ কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে | এনেবোৰ কাৰণতে ৰাইজে উল্লেখিত খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ ক্ষেত্রত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক গৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিছাৰিছে |