নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাব-একলব্য যুৱ সংঘৰ সহযোগত চিনামৰা কুকুৰাপহীয়াত চকু চিকিৎসা শিবিৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ৩১ মেঃ ভাৰত বিকাশ পৰিষদ আৰু স্নেহপদৰ উদ্যোগত তথা হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱ আৰু একলব্য যুৱক সংঘ কুকুৰাপহীয়াৰ উদ্যোগত আজি এটা চকু পৰীক্ষা আৰু চচমা প্ৰদান শিবিৰ সম্পন্ন হৈ যায়। কুকুৰাপহীয়া একলব্য যুৱক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিবিৰটোত অঞ্চলটোৰ শতাধিক লোকে চিকিতসা সেৱা গ্ৰহণ কৰে। শিবিৰটোত চকু পৰীক্ষাৰ লগতে চচমাও প্ৰদান কৰে। পুৱা শিবিৰ মুকলি অনুষ্ঠানত আয়োজক অনুষ্ঠানকেইটাৰহৈ ক্ৰমে দ্বীপেন চেতীয়া, পিজুছ কান্তি শৰ্মা, প্ৰাঞ্জল ফুকন, অচ্যুত বাঢ়ৈৰ লগতে ৫৬ দক্ষিন কৰঙা গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী পাৰুল চুতীয়া, প্ৰফুল্ল বৰাকে আদিকৰি বহুসংখ্যক স্থানীয়লোক উপস্থিত থাকে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like