নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত গুণোৎসৱৰ বহিঃমূল‍্যায়কৰ প্ৰশিক্ষণ সম্পন্ন

নিয়মীয়া বাৰ্তা, ১২ মে:: ৰাজ‍্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা গুণোৎসৱৰ প্ৰথম পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে । তৃতীয় তথা অন্তিম পৰ্যায়ত অহা ১ জুনৰ পৰা ৫ জুনলৈ অনুষ্ঠিত হ’ব লগা লখিমপুৰ জিলাৰ ঢকুৱাখনাত যোৱা ১১ মে’ত গুণোৎসৱত বহিঃমূল‍্যায়কৰ দায়িত্ব পালন কৰিব লগা চৰকাৰী বিষয়া আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হৈ যায় । ঢকুৱাখনা নৰ্মাল স্কুলত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই । নিজৰ উদ্ধোধনী ভাষণত আমোলাজনে গুণোৎসৱৰ লক্ষ্য ,উদ্দেশ্য আৰু গুৰুত্ব সম্পৰ্কে এক চমু আলোকপাত কৰে ।উক্ত অনুষ্ঠানত ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গুণীন দত্ত আৰু নৰ্মাল স্কুলৰ অধ‍্যক্ষ লক্ষী কোঁৱৰ উপস্থিত থাকে । ৯৬ গৰাকী প্ৰশিক্ষাৰ্থীক দুটা কক্ষত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহযোগী অধ‍্যাপক দুৰ্গেশ্বৰ হাজৰিকা ,ডায়েট লখিমপুৰৰ প্ৰৱক্তা গুণগোবিন্দ সোণোৱাল ,কৰুণা কান্ত হাজৰিকা আৰু সৰ্বশিক্ষাৰ জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়া আৰু বৰ্ণালী চিন্তেই।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like