নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বিশেষভাৱে সক্ষম শিশুৰ অভিভাৱকৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: ৰঙিয়াত আজি ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত বিশেষভাৱে সক্ষম শিশুৰ অভিভাৱকৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । কামৰূপ জিলা সমাজ কল্যাণ বিভাগ , নৰ্থ ইষ্ট ৰুৰেল ডেভেলপমেণ্ট ছচাইটি আৰু স্বেচ্ছাসেৱী সংগঠন বৰলীয়া ৱেলফেয়াৰ ছচাইটিৰ যৌথ সহযোগত ৰাইজমেল কৃষক শ্বহীদ ভৱন প্ৰেক্ষাগৃহত উক্ত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়িত কৰা হয় । অৱসৰপ্ৰাপ্ত সমাজ কল্যাণ প্ৰকল্প বিষয়া ৰক্তিমা বৰুৱাই উদ্বোধন কৰা কাৰ্যসূচীত মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশ ,ৰঙিয়া-কমলপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া ডেইজী ৰাণী দাস , বৰলীয়া ৱেলফেয়াৰ ছচাইটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে মানস কলিতা আৰু অৰূপ জ্যোতি ডেকা আদিয়ে সমল ব্যাক্তি ৰূপে অংশগ্ৰহণ কৰে । আনহাতে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত শতাধিক অভিভাৱক-অভিভাৱিকাৰ লগতে অংগনাবাড়ী কৰ্মী ,আশা কৰ্মী আদিয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like