নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ ষট্ পূজা উপলক্ষে আজি ধলপুৱাতে ধুবুৰীৰ বিভিন্ন পাৰঘাটত দেখা গ’ল বিৰ দি বাট নোপোৱা এক পৰিৱেশৰ। চহৰখনৰ হাজাৰ হাজাৰ পুণ্যাৰ্থী আৰু দৰ্শনাৰ্থীৰ উপস্থিতি আজি সফল পৰিসমাপ্তি ঘটে এইবেলিৰ ষট্ পূজাৰ। কালি বিয়লি সূৰ্যাস্ত আৰু আজি পুৱা সূৰ্যোদয়ৰ সময়ত চহৰখনৰ বিভিন্ন পাৰঘাটত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী