“নিয়মীয়া বাৰ্তা”ৰ বাসুগাঁৱৰ সাংবাদিক ভৃগুমুনি ৰায়লৈ মুখ্যমন্ত্ৰীৰ বিহুৰ শুভেচ্ছাঃ জিলা প্ৰশাসনৰ জৰিয়তে আগবঢ়ালে ফুলাম গামোচা
নিয়মীয়া বাৰ্তা, ২৫এপ্ৰিল: অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এইবেলি বাপতিসাহোন ৰঙালী বিহু উপলক্ষ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিক ৰঙালী বিহুৰ শুভেচ্ছা তথা অসমীয়াৰ আদৰৰ বিহুৱান প্ৰদান কৰে। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তাৰ সংবাদদাতা ভৃগু মুনি ৰায়কো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। জিলা প্ৰশাসনৰ জৰিয়তে আজি আবেলি চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰতীক্ষ্যা দত্তই সাংবাদিক ভৃগুমুনি ৰায়ৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ৰঙালী বিহুৰ শুভেচ্ছা হিচাপে প্ৰেৰণ কৰা উপহাৰৰ বিষয়ে অৱগত কৰি ফুলাম গামোচাৰ টোপোলা প্ৰদান কৰে। জিলা খনৰ বিজনী মহকুমাৰ ২২ গৰাকী আৰু কাজলগাঁও মহকুমাৰ ৩৯ গৰাকীৰ ভিতৰত বাসুগাঁও চহৰৰ চাৰি গৰাকীক নিৰ্বাচিত কৰা হয়। ভৃগু মুনি ৰায়ক আজি শুভেচ্ছা জনোৱাৰ বিপৰীতে বাকী তিনি জনক কাইলৈ মুখ্য মন্ত্ৰীয়ে প্ৰেৰণ কৰা বিহুৱান প্ৰদান কৰি শুভেচ্ছা জনাব বুলি জিলা প্ৰশাসনৰ সূত্ৰই জনাইছে। আজিৰ অনুষ্ঠানত অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা বয়োজেষ্ঠ ব্যক্তি পবিত্ৰ কুমাৰ ৰায় উপস্থিত থাকে । কাইলৈ বিহুৰ শুভেচ্ছা যাচিবলগীয়া ব্যক্তি সকল ক্ৰমে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৱল চন্দ্ৰ ৰায়, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰমেন মেধি আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা আজীৱন সংগীত সাধনাৰে জড়িত অজিত কুমাৰ নন্দী। তিনিও জনক নিজ গৃহতে মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা বিহুৱান প্ৰদান কৰা হ’ব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ব্যক্ত কৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস