নিয়মীয়া বাৰ্তা, ১৬ মে’ : নিয়মীয়া বাৰ্তা কাকতৰ জেষ্ঠ সাংবাদিক , অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সদ্য প্ৰাক্তন সম্পাদক তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰতাপ হাজৰিকক অসম সাহিত্য সভাই নতুনকৈ সৃষ্টি কৰা সংবাদ সাহিত্য উপ সমিতিৰ কাৰ্যকৰী সভাপতিৰ দৰে গুৰু আসনত ইতিমধ্যে অধিষ্ঠিত হোৱাৰ বাবে আজি সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজক সমিতিৰ তৰফৰ পৰা বিশেষ অভিনন্দন জনোৱা হয়।
উল্লেখ যে সাহিত্যিক আৰু জেষ্ঠ সংবাদ কৰ্মী হিচাপে সুপৰিচিত প্ৰতাপ হাজৰিকাই আমাৰ অসম, অসমীয়া প্ৰতিদিন, আজিৰ দৈনিক বাতৰি, কেবাখনো সাপ্তাহিক কাকতত সেৱা আগবঢ়াই অহাৰ লগতে বৰ্তমান নিয়মীয়া বাৰ্তা কাকতত মৰিগাঁৱৰ পৰা সেৱা আগবঢ়াই আহিছে।
আনহাতে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ চাৰিটাকৈ কাৰ্য্যকাল সভাপতি হিচাপে সেৱা আগবঢ়াই অহা হাজৰিকাক সেহতিয়াকৈ অসম সাহিত্য সভাই নতুনকৈ সৃষ্টি কৰা সংবাদ সাহিত্য উপ সমিতিৰ কাৰ্যকৰী সভাপতিৰ দৰে গুৰু দায়িত্ব লাভ কৰাত উৎফুল্লিত হৈ পৰিছে জিলা খনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৷ সেয়ে আজি এই গৰাকী সাহিত্যক , সংবাদ কৰ্মীক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজক সমিতিয়ে গামোচা আৰু অভিনন্দন পত্ৰৰে বিশেষ ভাৱে অভিনন্দন জনাই ৷
প্ৰেৰক মানস নাথ