ইংৰাজী ভাষা দিৱসত শ্ৰেষ্ঠত্ব অৰ্জন কৰা শিক্ষাৰ্থীক বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১২ মে’: আন্তঃৰাষ্ট্ৰীয় ইংৰাজী ভাষা দিৱসত শ্ৰেষ্ঠত্ব অৰ্জন কৰা বঙাইগাঁও ৰিফাইনেৰী এইচ এছ স্কুলৰ শিক্ষাৰ্থীসকলক বঙাইগাঁও শোধনাগাৰ( বি জি আৰ) কৰ্তৃপক্ষৰ পৰা ব্যাপক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে, যোৱা ২৩ এপ্ৰিলত বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা আন্তঃৰাষ্ট্ৰীয় ইংৰাজী ভাষা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ মাজত আয়োজন কৰা এলানি প্ৰতিযোগিতাত বঙাইগাঁও ৰিফাইনেৰী এইচ এছ স্কুলে ‘স্পেলিং বী’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱাৰ উপৰিও সামগ্ৰিকভাৱে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিছিল। কৃতী শিক্ষাৰ্থীসকলক কালি বঙাইগাঁও ৰিফাইনেৰী এইচ স্কুলত আয়োজিত এখন সভাৰ জৰিয়তে বি জি আৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ প্ৰমুখ নয়ন কুমাৰ বৰুৱাই কেবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাত সন্তোষ প্ৰকাশ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বি জি আৰৰ মুখ্য মহাপ্ৰৱন্ধক (কাৰিকৰী) জে জে দাস, মুখ্য মহাপ্ৰৱন্ধক ( বিত্ত) কে ভি এছ সুবুধি, ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক( মানৱ সম্পদ) জৰ্জ ঈছৰেৰি উপস্থিত থাকে। ইয়াৰ পূৰ্বে সন্মানীয় অতিথিসকলক বিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ বি কে শৰ্মাই আদৰণি জনায়। মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ প্ৰমুখ নয়ন কুমাৰ বৰুৱাই বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ‘ ৰামধেনু’ উন্মোচন কৰে। অনুষ্ঠানত প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা শিক্ষাৰ্থী প্ৰিয়া সৰকাৰ, মিলেশ কুমাৰ, ৰিফা ছানিয়া, ধনীৰাম বসুমতাৰী, পৰশজ্যোতি লহকৰ, মনদীপ দেৱ ৰায়, মেহবুল আহমেদ আৰু নুৰিমা হকৰ লগতে তত্বাৱধায়ক শিক্ষয়িত্ৰী শুক্লা কলিতা আৰু পূৰৱী কলিতাকো সম্বৰ্দ্ধনা জনোৱা হয়।।
প্ৰেৰক: বিপুল কুমাৰ দাস