ইউডিএফৰে মিত্রতাৰ মুকলি বিৰোধিতা কংগ্রেছৰ সংখ্যালঘু শিবিৰৰ
পর্যবেক্ষক জিতেন্দ্র সিঙক স্মাৰক–পত্র
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ উপস্থিতিত কালি প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি বহুচর্চিত মহাজোঁট গঠনৰ প্রস্তাৱত ছীল–মোহৰ মাৰে৷ কিন্তু কংগ্রেছৰ এই মহাজোঁটত সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ থকাৰ পৰিপ্রেক্ষিতত দলৰ অভ্যন্তৰত একপ্রকাৰ বিদ্রোহ সৃষ্টি হৈছে৷ পূর্বৰে পৰা এ আই ইউ ডি এফৰে মিত্রতাৰ একাংশ কংগ্রেছী নেতাই বিৰুদ্ধাচৰণ কৰি আহিছে৷ কালিৰ ক’ৰ কমিটীৰ বৈঠকৰ পাছতেই দলটোৰ একাংশ সংখ্যালঘু নেতা, প্রাক্তন মন্ত্রী–বিধায়ক–সাংস্ আজি প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত দলৰ পর্যবেক্ষক জিতেন্দ্র সিঙক সাক্ষাৎ কৰি এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ প্রকাশ্যে বিৰোধিতা কৰে৷ এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰুদ্ধাচৰণ কৰি ইতিমধ্যে গঠিত ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমৰ সভাপতি তথা প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক প্রাক্তন মন্ত্রী মহিবুল হক, টীমৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ কার্যবাহী সদস্য, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, টীমৰ উপ–সভাপতি তথা প্রদেশ কংগ্রেছৰ কার্যবাহী সদস্য প্রাক্তন বিধায়ক ড০ ইদ্রিছ আলী, প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰ, নজিবুল ওমৰ, প্রাক্তন সাংসদ আব্দুল হামিদ আদিৰ নেতৃত্বত সংখ্যালঘু কংগ্রেছ নেতাৰ দল এটাই সেই সম্পর্কত পর্যবেক্ষক সিঙক এখন স্মাৰক–পত্র প্রদান কৰে৷ স্মাৰক–পত্রখনত তেওঁলোকে কয় যে অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত ৩৪টা সমষ্টি ধর্মীয় সংখ্যালঘু অধ্যুষিত হোৱাৰ বিপৰীতে ৯২টা সমষ্টি সম্পূর্ণৰূপে হিন্দু ভোটাৰৰ ওপৰত নির্ভৰশীল৷ এ আই ইউ ডি এফ দল মুছলমানৰ সাম্প্রদায়িক দল হিচাপে পৰিচিত৷ বর্তমান এ আই ইউ ডি এফৰ শক্তিও হ্রাস পাইছে৷ ধর্মীয় সংখ্যালঘু জনসাধাৰণে ইতিমধ্যে এ আই ইউ ডি এফক নাকচ কৰাৰ বাবেই ২০১৯ত অনুষ্ঠিত লোকসভা নির্বাচনত তেওঁলোকে দুখন আসন হেৰুৱাব লগাত পৰিছিল৷ তদুপৰি যোৱা লোকসভা নির্বাচনত এ আই ইউ ডি এফৰ ১৪জন বিধায়কৰ ভিতৰত ১০খন আসনতেই জনপ্রিয়তা হেৰুওৱা দেখা গৈছে৷ বিগত ২০১৮ চনৰ পঞ্চায়ত নির্বাচনতো এ আই ইউ ডি এফে সফলতা প্রদর্শন কৰিব পৰা নাই৷ ৰাজ্যখনৰ হিন্দু বেল্টৰ ভোটাৰে এ আই ইউ ডি এফক পছন্দ নকৰে৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত কংগ্রেছ দলে এ আই ইউ ডি এফৰে মিত্রতা কৰিলে হিন্দু বেল্টৰ ৯০ শতাংশ আসনেই কংগ্রেছে হেৰুৱাবলগীয়াত পৰিব৷ ফলত ২০২১ত কংগ্রেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ব বুলি স্মাৰক–পত্রখনত উল্লেখ কৰি এ আই ইউ ডি এফৰে মিত্রতাৰ প্রক্রিয়া বন্ধ কৰিবলৈ দাবী জনায়৷ ছিনিয়ৰ কংগ্রেছ লীডার্ছ টীমৰ সভাপতি প্রাক্তন মন্ত্রী মহিবুল হকে জানিবলৈ দিয়া মতে, পর্যবেক্ষক সিঙে তেওঁলোকৰ বক্তব্য আন্তৰিকতাৰে শুনাৰ লগতে হাইকমাণ্ডে দলৰ ক্ষতি হ’ব পৰা কোনো সিদ্ধান্ত নলয় বুলি স্পষ্ট কৰি দি সকলোৰে লগত আলোচনা সাপেক্ষে সময়ত সিদ্ধান্ত গ্রহণ কৰিব বুলি কয়৷ সেইদৰে টীমৰ সাধাৰণ সম্পাদক প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই কয় যে ধুবুৰী আৰু গোৱালপাৰা জিলাৰ জিলা পৰিষদৰ কংগ্রেছ দলৰ একাংশ প্রতিনিধিয়েও আজি পর্যবেক্ষক সিঙক সাক্ষাৎ কৰি এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰিছে৷ ইয়াৰ বিপৰীতে প্রাক্তন কংগ্রেছী মন্ত্রী ছিদ্দিক আহমেদে আজি সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰে কংগ্রেছৰ মিত্রতাৰ পোষকতা কৰি কয় যে এই মিত্রতা হৈ উঠিলে অহাবাৰ অসমত কংগ্রেছৰ চৰকাৰ গঠন সম্ভৱ হৈ উঠিব৷ কিয়নো যোৱা বিধানসভা নির্বাচনত কংগ্রেছে ২৬খন আসনত আৰু এ আই ইউ ডি এফে ১৩খন আসনত জয়লাভ কৰিছিল৷ তদুপৰি দুয়োটা দলৰ মাজত মিত্রতা নোহোৱা বাবে ৩০খন আসনত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল৷ অহা ৭ নৱেম্বৰত প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ বৈঠক অনুষ্ঠিত হ’ব৷ সেই বৈঠকৰ পূর্বেই তেওঁলোকে পর্যবেক্ষক সিঙক সাক্ষাৎ কৰি এ আই ইউ ডি এফৰে মিত্রতাৰ পোষকতা কৰিব৷ এ আই ইউ ডি এফৰে মিত্রতা হ’লে বৰাক উপত্যকাত ১০ৰ পৰা ১২খন আসন লাভ কৰাৰ লগতে নামনি অসম আৰু মধ্য অসমত কংগ্রেছে ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি তেওঁ দাবী কৰে৷ উজনি অসমত কংগ্রেছৰ কিছু নেতাই এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰি অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উজনিত কংগ্রেছৰ ফলাফল যোৱাবাৰৰ দৰেই হ’ব৷ প্রাক্তন মন্ত্রী আহমেদে এ আই ইউ ডি এফ দল সাম্প্রদায়িক নহয় বুলি দাবী কৰি কয় যে বিজেপিয়ে যিদৰে মুছলমানৰ বিৰোধিতা কৰি আহিছে, এ আই ইউ ডি এফে কেতিয়াও হিন্দুৰ বিৰুদ্ধে কোনো কথা কোৱা নাই৷ ইপিনে আজিৰ দিনটোত কংগ্রেছৰ পর্যবেক্ষক সিঙে প্রদেশ মহিলা কংগ্রেছ, যুৱ কংগ্রেছ, সেৱা দল আৰু ইয়ং ব্রিগেড, ৰাজ্যিক এন এছ ইউ আই আৰু প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগ, মুখপাত্র আৰু পেনেলিষ্টসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়৷ এই সম্পর্কত পর্যবেক্ষক সিঙে জানিবলৈ দিয়া মতে, আসন্ন বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত কংগ্রেছৰ প্রমুখ সংগঠনসমূহৰ কাম–কাজৰ বিশ্লেষণ কৰাৰ লগতে ৰণনীতি সম্পর্কত আলোচনা কৰিছে৷ পৰহি নিশা নগাঁৱত বিধায়ক ৰকিবুল হুছেইন আৰু সাংসদ প্রদ্যুৎ বৰদলৈ ফৈদৰ মাজত তেওঁৰ উপস্থিতিতে হোৱা প্রচণ্ড মাৰপিটৰ ঘটনা সম্পর্কত তেওঁ কয় যে বিজেপিকে ধৰি আন কিছু অজ্ঞাত লোকে কংগ্রেছক বদনাম কৰিবলৈ সেই ঘটনা সংঘটিত কৰিছে৷