৯০ সমষ্টিত প্রতিদ্বন্দ্বিতাৰ পৰিকল্পনা বিগ ব্রাদাৰৰ, বিৰোধী শিবিৰত নির্বাচনী ৰাজনীতিৰ জটিল অংক
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটক ক্ষমতাচ্যুত কৰাৰ বাবে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছে মুখেৰে মহাজোঁট গঠনৰ কথা কৈ আহিছে যদিও কার্যতঃ কংগ্রেছেই মিত্রতাৰ দুৱাৰত তলা লগাইছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ইতিমধ্যে অহা বিধানসভা নির্বাচনত কংগ্রেছ দলে ৯০টা সমষ্টিত নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতা কৰিব বুলি ৰাজহুৱাভাৱে প্রকাশ কৰিছে৷
সভাপতি বৰাই ইয়াৰ সমান্তৰালভাৱে দলীয় একাংশ ঘনিষ্ঠৰে মিলি কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া ৯০ সমষ্টিৰ তালিকা পর্যন্ত সাজু কৰিছে৷ যি তালিকাত উজনি অসমৰ শিৱসাগৰ আৰু উত্তৰ অসমৰ বিশ্বনাথ সমষ্টি ক্রমে চি পি আই আৰু এ আই ইউ ডি এফক এৰি দিয়াৰ বাহিৰে অঞ্চলটোৰ আটাইকেইটা সমষ্টিতে কংগ্রেছে নিজেই প্রতিদ্বন্দ্বিতা কৰাৰ বাবে হাতত ৰাখিছে৷ নিজৰ প্রভূত্ব বিস্তাৰ কৰিবলৈ বৰাৰ এই আঁকোৰগোজ স্থিতিৰ বাবেই এ আই ইউ ডি এফ, বাঁওপন্থী দলক বাদ দি আন বিৰোধী দলসমূহ এই মুহূর্তলৈ কংগ্রেছৰ সৈতে মিত্রতাপাশত আবদ্ধ হৈ মহাজোঁট গঠনৰ বাবে আগবাঢ়ি অহা নাই৷
এ আই ইউ ডি এফ দলে কংগ্রেছৰে মিত্রতা কৰাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰি আগবাঢ়ি আহিছে যদিও আসন বুজাবুজিৰ সময়ত মিত্রতা থাকে নে নাথাকে, সেয়া সময়তহে ক’ব পৰা যাব৷ ৰাজীৱ ভৱনৰ এক সূত্রই জানিবলৈ দিয়া মতে, অহা বিধানসভা নির্বাচনত কংগ্রেছ দলে নিজৰ হাতত ৯০টা সমষ্টি ৰাখি বাকী ৩৬টা সমষ্টিহে এ আই ইউ ডি এফকে ধৰি আন বিৰোধী দলক এৰি দিব বিচাৰিছে৷
ইয়াৰ ভিতৰত এ আই ইউ ডি এফক ১৫টা, বি পি এফক ১২টা, বাঁওপন্থীক ৫টা আৰু এইচ এছ ডি চিক ৪টা সমষ্টি এৰি দিয়াৰ পৰিকল্পনা কৰিছে৷ বি পি এফ দল বর্তমান বিজেপি মিত্রজোঁটত আছে যদিও বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন আৰু বিটিচি নির্বাচন পিছুৱাই ৰখাৰ পৰিপ্রেক্ষিতত হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটো বিজেপিক লৈ সাংঘাতিক ধৰণে নাৰাজ৷ কংগ্রেছে যোৱা কিছুদিনৰ পৰা পুৰণি মিত্র বি পি এফৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে আৰু বি পি এফৰ পৰাও সময়ত সঁহাৰি লাভৰ ইংগিত পাইছে৷
অহা বিধানসভা নির্বাচনত বি পি এফ বিজেপিৰ অংশীদাৰ হৈ নাথাকিব বুলি ধাৰণা কৰিয়েই বিটিচিৰ ১২টা সমষ্টিত কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকি সেই সমষ্টিসমূহ বি পি এফক এৰি দিয়াৰ স্থিতি গ্রহণ কৰিছে৷ যদিহে কোনো কাৰণত বি পি এফ বিজেপিৰ লগতে থাকে, তেতিয়াহ’লে সেই সমষ্টিসমূহ বি পি এফৰ প্রতিদ্বন্দ্বী দল ইউ পি পি এলক এৰি দি তেওঁলোকৰ সৈতে মিত্রতাপাশত আবদ্ধ হ’ব৷
এনে পৰিকল্পনা আগত ৰাখিয়েই সেই সমষ্টিসমূহত কংগ্রেছে প্রার্থিত্ব আগবঢ়োৱাৰ পৰা বিৰত থকাৰ নীতি গ্রহণ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে কংগ্রেছৰ সৈতে মিত্রতা কৰাৰ বিনিময়ত বর্তমান দলটোৰ দখলত থকা সমষ্টিসমূহৰ উপৰি কংগ্রেছৰ দখলত থকা দক্ষিণ শালমাৰা, মানকাচৰ, অভয়াপুৰী উত্তৰ, চেঙা, সৰুক্ষেত্রী, দলগাঁও, গোৱালপাৰা পশ্চিম, গোৱালপাৰা পূব, লাহৰীঘাট, ৰূপহী আদি সমষ্টি আসন বুজাবুজিৰ সময়ত বিচৰাৰ নীতি গ্রহণ কৰিছে৷ কিছুদিন পূর্বে দলগাঁৱত অনুষ্ঠিত এখন দলীয় সভাত এ আই ইউ ডি এফে আসন্ন নির্বাচনত উক্ত সমষ্টিসমূহত দলীয় প্রার্থী থিয় কৰাব বুলি প্রকাশ কৰাই নহয়, বদৰুদ্দিন আজমলে মুম্বাইৰ পৰা ভিডিঅ’ কনফাৰেঞ্চযোগে ৰাইজক সম্বোধন কৰি দলীয় প্রার্থীৰ নামপর্যন্ত প্রকাশ কৰে৷
পিছে এ আই ইউ ডি এফৰ এই স্থিতিৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ইতিপূর্বে ৰাজহুৱাভাৱে প্রকাশ কৰি কৈছে যে বর্তমান কংগ্রেছৰ দখলত থকা কোনো এটা সমষ্টিয়েই এ আই ইউ ডি এফক এৰি দিয়া নহয়৷ কংগ্রেছৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, অহা নির্বাচনত এ আই ইউ ডি এফক ১৫টাহে সমষ্টি এৰি দিয়াৰ তালিকা যুগুতাইছে৷ উক্ত ১৫টা সমষ্টিসমূহ হৈছে– পাথাৰকান্দি, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, কাটিগড়া, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পশ্চিম, জলেশ্বৰ, ভৱানীপুৰ, জনিয়া, বিশ্বনাথ, ধিং, যমুনামুখ আৰু হোজাই৷ আনকি বর্তমান এ আই ইউ ডি এফৰ দখলত থকা কৰিমগঞ্জ দক্ষিণ, অভয়াপুৰী দক্ষিণ আৰু নাওবৈচা সমষ্টিত কংগ্রেছে নিজাববীয়াকৈ প্রার্থী থিয় কৰাব৷
নাওবৈচাৰ বর্তমানৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক সংস্থাপিত কৰাৰ বাবে কংগ্রেছে বিশ্বনাথ সমষ্টি এ আই ইউ ডি এফক গতোৱাৰ নীতি গ্রহণ কৰিছে৷ এইবাৰ নাওবৈচাত কংগ্রেছৰ হৈ নির্বাচন খেলাৰ মন মেলিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ সেইদৰে বাঁওপন্থী দল চি পি আইক গোলকগঞ্জ, মৰিগাঁও, শিৱসাগৰ, চি পি আই (এম)ক সৰভোগ আৰু ৰঙিয়া সমষ্টি এৰি দিয়াৰ পৰিকল্পনা কৰিছে৷ এইচ এছ ডি চি দলক ডিফু, বোকাজান, বৈঠালাংছ’ আৰু হাফলং সমষ্টি এৰি দি পাহাৰীয়া জিলা তিনিখনৰ ৫টা সমষ্টিৰ ভিতৰত অকল হাওৰাঘাট সমষ্টিত বিগ ব্রাদাৰ কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷
বি পি এফ অথবা ইউ পি পি এলক এৰিবলগীয়া বিটিচিৰ ১২টা সমষ্টি হৈছে– গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, তামুলপুৰ, বৰমা, ছাপাগুৰি, পানেৰী, কলাইগাঁও, ওদালগুৰি আৰু মাজবাট৷ মন কৰিবলগীয়া এয়ে যে সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতিত ৰাজ্যৰ চাহ জনগোষ্ঠীৰ ৮০ শতাংশ জনসাধাৰণেই বর্তমান বিজেপিৰ পক্ষত আছে৷ সেইদৰে আহোম জনগোষ্ঠী, মৰাণ, মটক জনগোষ্ঠীৰো গৰিষ্ঠসংখ্যক লোক বিজেপিৰ লগত আছে৷ মিচিং জনগোষ্ঠীও বিজেপিৰ লগত আছে৷
তেনে অৱস্থাত কংগ্রেছৰ বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্য কিমানদূৰ সফল হয়, সেয়া সময়তহে ক’ব পৰা যাব৷ আনহাতে, বৰা আৰু তেওঁৰ ঘনিষ্ঠ শিবিৰে মাত্র ৩৬টা সমষ্টি এ আই ইউ ডি এফ, বি পি এফ, বাঁওপন্থী দল আৰু এইচ এছ ডি চিক এৰি দিছে যদিও নতুনকৈ গঠিত আঞ্চলিক দলবোৰৰ বাবে কোনো আসন নৰখাৰ বাবেই কংগ্রেছৰ মহাজোঁটৰ প্রতি সেই দলসমূহ মুঠেই আকৃষ্ট হোৱা নাই বুলি এক দলীয় সূত্রটোৱে জানিবলৈ দিয়ে৷ সূত্রটোৱে প্রকাশ কৰা মতে, বৰা শিবিৰৰ এই কার্যক লৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াও মুঠেই সন্তুষ্ট নহয়৷
মূলতঃ ‘কা’ৰ বিৰোধিতা আৰু বিজেপিৰ শাসনৰ বিৰোধিতাৰ বাবে জন্ম হোৱা নতুন আঞ্চলিক দলসমূহে বিজেপিৰ পৰিৱর্তে কংগ্রেছৰহে ভোট বিভাজন ঘটোৱাৰ আশংকা ব্যক্ত কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিৰোধী দলপতি দেৱব্রত শইকীয়াই আজি এক বিবৃতিত কয় যে যোৱা কেইটামান দিনৰ ভিতৰত অসমত এটা–দুটাকৈ বহুকেইটা আঞ্চলিক দল গঠন হ’ল৷ এতিয়া কৃষক মুক্তি সংগ্রাম সমিতিৰো প্রস্তাৱিত দলটোৱে আত্মপ্রকাশ কৰিলে৷ এই সকলো সংগঠনে আঞ্চলিক দল গঠন কৰাৰ মূল কাৰণ হিচাপে বিজেপিৰ অপশাসন আৰু স্বৈৰাচাৰিতাৰ বিৰোধিতা বুলি তেওঁলোকে জনাইছে৷
সেয়ে তেওঁ নতুন দলসমূহক উমৈহতীয়া কার্যক্রম লৈ অসমৰ বৃহত্তৰ স্বার্থত কংগ্রেছৰ সৈতে একত্রিতভাৱে নির্বাচনত অৱতীর্ণ হৈ বিজেপিক প্রতিৰোধ কৰিবলৈ আগবাঢ়ি অহাৰ আহ্বান জনায়৷ শইকীয়াৰ মতে, কংগ্রেছ দলক বাদ দি বিজেপিক আগন্তুক নির্বাচনত প্রতিৰোধ কৰাটো সম্ভৱ নহ’ব৷ বিৰোধী দলপতিগৰাকীৰ আহ্বান অনুসৰি এয়া বাস্তৱত কার্যকৰী কৰিবলৈ হ’লে স্বাভাৱিকতে ৰিপুণ বৰা শিবিৰে নিজাববীয়াকৈ ৯০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ যি আঁকোৰগোজ সিদ্ধান্ত লৈছে, সেয়া পৰিহাৰ কৰি নতুনকৈ গঠিত আঞ্চলিক দলবোৰৰ বাবেও আসন এৰিব লাগিব৷ এয়া কিমানদূৰ সফলকাম হয়, সেয়া সময়েহে ক’ব৷