নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চাহৰ প্ৰতিচ্ছবি নষ্ট কৰিবলৈ চেষ্টা কৰা সকলক কংগ্ৰেছে সমৰ্থন কৰে: প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ  আজি  চাবুৱাত মিত্ৰজোঁটৰ প্ৰাৰ্থী পোণাকন বৰুৱাৰ হৈ  এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক অসম চাহৰ প্ৰতিচ্ছবি নষ্ট কৰা সকলক সৰ্মথন কৰিছে বুলি অভিযোগ কৰে।

এই নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “৫০-৫৫ বছৰতকৈও অধিক সময় ধৰি  শাসন কৰা ভাৰতৰ আটাইতকৈ পুৰণি দলে চাহৰ সৈতে জড়িত ভাৰতৰ প্ৰতিচ্ছবি নষ্ট কৰিবলৈ চেষ্টা কৰা লোকসকলক সমৰ্থন কৰি আছে। আমি ইয়াৰ বাবে কংগ্ৰেছক ক্ষমা কৰিব পাৰোঁ নেকি? তেওঁলোকে শাস্তি পোৱাৰ যোগ্য নহয় নেকি?” এই দৰে কটাক্ষ কৰে কংগ্ৰেছ দলটোক প্ৰধানমন্ত্ৰী মোদীয়ে।

বিৰোধী দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছ অসমৰ জনসাধাৰণৰ পৰা  বহু দূৰত আছে। কেইদিনমান আগতে, তেওঁলোকে শ্ৰীলংকাৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে এইখন অসম বুলি। আকৌ কেইদিনমান আগতে, তেওঁলোকে টাইৱানৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে এইখনো অসম। ই আমাৰ সুন্দৰ অসমৰ বাবে এক অন্যায় আৰু অপমান।”

প্ৰধানমন্ত্ৰীয়ে লগতে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছে অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ বাবে বিপদজনক দলসমূহৰ সৈতে হাত মিলাইছে।
অসমত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি থকা কংগ্ৰেছ দলে অসমৰ চাহ বাগিচাকো স্বীকৃতি নিদিলে। এনেদৰে তেওঁলোকে অসমৰ জনসাধাৰণক অপমান কৰে।কংগ্ৰেছ দলে লাখ লাখ চাহ শ্ৰমিকৰ চাহৰ লগতে, সংস্কৃতি আৰু অসমীয়াৰ আৱেগৰ সৈতে খেলি আছে।

পুনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে “যদি চাইৱালাই আপোনা লোকৰ বেদনা বুজি নাপায়, তেন্তে কোনে বুজি পাব? অসমৰ প্ৰতিটো অঞ্চলৰ বিকাশ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ বাবে দায়বদ্ধতা। আমি  প্ৰতিশ্ৰুতিবদ্ধ যে ৰাজ্যৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ কৰিবই লাগিব।

You might also like