নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনত এককভাৱে প্রতিদ্বন্দ্বিতা কৰিলে লাভান্বিত হ’ব কংগ্রেছ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ উপ–নির্বাচনত প্রদেশ কংগ্রেছে এককভাৱে প্রতিদ্বন্দ্বিতা কৰিব বিচাৰিছে৷ অসমত দলৰ ভেটি সুদৃঢ় কৰাৰ বাবে উপ–নির্বাচনত আন কোনো দলৰ সৈতে মিত্রতা নকৰি কংগ্রেছে এককভাৱে নির্বাচনত অৱতীর্ণ হ’লে ভৱিষ্যতে দলটোৰ বাবে লাভজনক হ’ব৷ –শুকুৰবাৰে কংগ্রেছৰ শীর্ষ নেতৃত্বতৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেনবৰাই এই অভিমত ব্যক্ত কৰিছে৷

সাংগঠনিক দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু অসমত দলৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙক সাক্ষাৎ কৰি প্রদেশ কংগ্রেছৰ তৰফৰ পৰা বৰাই আজি এই বার্তাই প্রদান কৰে৷ আনহাতে,বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে মিত্রতা ভংগ কৰাক লৈ প্রদেশ কংগ্রেছে গ্রহণ কৰা সিদ্ধান্তৰ কথাও বৰাই আজি এআইচিচিৰ আগত আনুষ্ঠানিকভাৱে দাখিল কৰে৷

আনহাতে, উপ–নির্বাচনৰ আগত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে মিত্রতাক লৈ কংগ্রেছ যে মুঠেই আগ্রহী নহয় সেই কথাও ভূপেন বৰাই আজি দলৰ শীর্ষ নেতৃত্বসকলৰ সন্মুুখত দাঙি ধৰা বুলি জানিব পৰা গৈছে৷ বাস্তৱত বেণুগোপাল আৰু জিতেন্দ্র সিঙক তেওঁলোকৰ নিজা নিজা বাসভৱনত সাক্ষাৎ কৰাৰ পূর্বে বৰাই সাংবাদিকৰ আগতো ৰাইজৰ দলৰ সৈতে উপ–নির্বাচনৰ পূর্বে মিত্রতাক লৈ সংকোচ ব্যক্ত কৰা পৰিলক্ষিত হয়৷

বৰাৰ স্পষ্ট বক্তব্য– ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে চিন্তা–চর্চা কৰিব পাৰি কিন্তু উপ–নির্বাচনৰ আগত নহয়৷ দলটোৰ নেতা হিচাপে অখিল গগৈয়ে পুৱা এটা কথা কয় আৰু সন্ধিয়া আন এটা কথা কয়৷ সেয়েহে মিত্রতাৰ বাবে প্রথমতে এক সঠিক পৰিৱেশ গঢ়ি তুলিব লাগিব৷

You might also like