ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত নিমাত মোদীঃ সমালোচনা কংগ্ৰেছৰ
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি অসম ভ্রমণৰ সময়ছোৱাত দিয়া ভাষণৰ তীব্র সমালোচনা কৰিছে বিৰোধী দল কংগ্রেছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই তীব্র সমালোচনা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্রমোদীয়ে আজি ভাষণত ড০ ভূপেন হাজৰিকাৰ অ’ মোৰ ধৰিত্রী আই, চৰণতে দিয়া ঠাই, খেতিয়কৰ নিস্তাৰ নাই গীতটো গাইছে৷
কিন্তু মোদী চৰকাৰেই খেতিয়কৰ নিস্তাৰ নোহোৱা কৰিলে৷ তিনিখনকৈ ক’লা আইন আনি কৃষকৰ সকলো সম্পদ লুণ্ঠন কৰিলে৷ পুঁজিপতিৰ স্বার্থত কৃষকৰ নূ্যনতম সমর্থন মূল্যও নোহোৱা কৰিলে৷ প্রধানমন্ত্রী কৃষক সন্মান নিধি যোজনাৰ ক্ষেত্রতো কৃষকে পাবলগীয়া ছহেজাৰ টকা বিজেপিৰ নেতা–পালিনেতাসকলে নিজৰ মাজতে ভগাই ল’লে৷
কা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বান সমস্যা সম্পর্কতো প্রধানমন্ত্রীয়ে একো উল্লেখ নকৰিলে৷ গহপুৰৰ নিজা বাসভৱনত আয়োজিত সংবাদ মেলত সভাপতি বৰাই কয় যে প্রধানমন্ত্রীৰ ভাষণত কোনো নতুনত্ব নাই৷ এয়া গতানুগতিক ভাষণ৷ প্রধানমন্ত্রীৰ অসম ভ্রমণকালত প্রদেশ কংগ্রেছে ২৪টা জ্বলন্ত সমস্যাক লৈ প্রশ্ণ উত্থাপন কৰিছিল৷ কিন্তু প্রধানমন্ত্রীগৰাকীয়্ ভাষণত সেই ২৪টা সমস্যা সম্পর্কত কোনো কথাই নক’লে৷
ইপিনে বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে প্রধানমন্ত্রী মোদীৰ ভাষণে অসমবাসী ৰাইজক হতাশ কৰিলে৷ ২০১৪ চনৰ লোকসভা নির্বাচন, ২০১৬ চনৰ বিধানসভা নির্বাচন, ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়ত অসমলৈ আহি মোদীয়ে যিসমূহ প্রতিশ্রুতি দিছিল, সেই প্রতিশ্রুতিসমূহ কিন্তু পূৰণ কৰিব নোৱাৰিলে, ভাষণত মোদীয়ে একোৱেই নক’লে৷
অসম চুক্তি আখৰে আখৰে ৰূপায়ণ, ২০১৪ চনৰ ১৬ মে’ৰ পাছত সকলো অবৈধ বাংলাদেশীয়ে টালি–টোপোলা বান্ধিব লাগিব, বছৰি ৫ লাখ নিবনুৱাক সংস্থাপন, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয়বোৰৰ বিষয়ে একো উল্লেখ নকৰিলে৷