ধলাই থানাৰ সন্মুখতে ৰখাই থ’লে কংগ্রেছৰ প্রতিনিধি দলক
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰৰ পৰিস্থিতি অধ্যয়নৰ বাবে যোৱা কংগ্রেছৰ পাঁচজনীয়া প্রতিনিধি দল এটাক অসম আৰক্ষীয়ে কাছাৰ জিলাৰ ধলাই থানাৰ সন্মুখতে বাধা প্রদান কৰে৷ উল্লেখ্য যে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, সাংসদ প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ আৰু নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱে আজি অশান্তজর্জৰ লাইলাপুৰলৈ বাস্তৱ পৰিস্থিতি অধ্যয়নৰ বাবে ৰাওনা হয়৷ প্রদেশ কংগ্রেছৰ এই শীর্ষ নেতাৰ দলটোক লাইলাপুৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষী–প্রশাসনে তেওঁলোকক ধলাই থানাৰ সন্মুখতে বাধা প্রদান কৰি ওভতাই পঠিয়ায়৷ আৰক্ষী প্রশাসনৰ এনে আচৰণত কংগ্রেছৰ প্রতিনিধি দলটো ক্ষুণ্ণ হৈ পৰে৷
এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে গণতান্ত্রিক পৰম্পৰা অনুসৰি ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছ আৰু বিধায়িনী দলৰ ঘটনাস্থলীলৈ যোৱাটো নৈতিক দায়িত্ব৷ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্রকৃত পৰিস্থিতি অধ্যয়ন কৰি চৰকাৰক অৱগত কৰোৱাৰ বাবে তেওঁলোক ঘটনাস্থলীলৈ যাব বিচাৰিছিল৷ কিয়নো সেই ঘটনাত কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকী গুলীবিদ্ধ হৈ বর্তমান সংকটজনক অৱস্থাত মুম্বাইত চিকিৎসাধীন হৈ আছে৷ সেই ঘটনাত ৬জনকৈ আৰক্ষী জোৱানৰ মৃত্যু হোৱাৰ লগতে ৪৫গৰাকী আৰক্ষী জোৱান আহত হৈ বর্তমানো চিকিৎসাধীন হৈ আছে৷ তাৰ পাছতো আৰক্ষী প্রশাসনে তেওঁলোকক ঘটনাস্থলীলৈ যোৱাত বাধা প্রদান কৰাটো দুর্ভাগ্যজনক৷ ইয়াৰ বাবে তেওঁলোক অত্যন্ত দুঃখিত৷ সভাপতি বৰাই কয়– আমি ভাৰত–পাকিস্তানৰ যুদ্ধক্ষেত্র চাব অহা নাছিলোঁ৷ আমি আমাৰ অঞ্চল চাবলৈ আহিছিলোঁ৷ তাত মুখ্যমন্ত্রী গৈছে, আন মন্ত্রী গৈছে৷ তেওঁলোক যদি যাব পাৰে, আমাৰ দলপতিক কিয় যাব দিয়া নাই? চৰকাৰে সীমা সুৰক্ষা দিব পৰা নাই৷ সীমান্তৰ জনসাধাৰণক নিৰাপত্তা দিব পৰা নাই৷ আচলতে চৰকাৰে প্রকৃত পৰিস্থিতি লুকুওৱাৰ ষড়যন্ত্র কৰিছে৷
সেইদৰে কালি শিলচৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রই ক’লে মিজোৰামক বৰাক উপত্যকাও এৰি দিম বুলি কৰা মন্তব্যৰ আঁত ধৰি সভাপতি বৰাই কয় যে দেশ স্বাধীনতাৰ সময়ত গোপীনাথ বৰদলৈয়ে কংগ্রেছ নেতৃত্বৰ বিৰুদ্ধে যুঁজ কৰি অসমক বি গ্রুপৰ পৰা বাহিৰত ৰাখিছিল৷ নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্রী হোৱাৰ পাছত ভাবিছিলোঁ এইবাৰ চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যাৰ সমাধান হ’ব৷ কাৰণ নেডাৰ আহ্বায়ক হিচাপে ড০ শর্মাৰ সৈতে উত্তৰ–পূর্বাঞ্চলৰ মুখ্যমন্ত্রীসকলৰ সম্পর্ক আছে৷ তেওঁলোক ড০ শর্মা নেতৃত্বাধীন নেডাৰ সদস্য৷ বিভিন্ন সময়ত মেঘালয়, নাগালেণ্ড, মিজোৰামৰ মুখ্যমন্ত্রীৰ লগত কথা পতাৰ বিষয়ে মুখ্যমন্ত্রীৰ ফেচবুক, টুইটাৰযোগে পঢ়ি আহিছোঁ৷ তেওঁ আৰু কয় যে মিজোৰামে যেতিয়া অসমৰ ওপৰত গুলীবর্ষণ আৰম্ভ কৰে, তেতিয়া এজন শীর্ষ আৰক্ষী বিষয়াই এই বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰে৷ কিন্তু সেই সময়ত মুখ্যমন্ত্রী মৌন হৈ আছিল বুলি তেওঁক এজন শীর্ষস্থানীয় বিষয়াই জনাইছে৷ সভাপতি বৰাই আৰু কয় যে আমাৰ দেহত এক বিন্দু শোণিত থকালৈকে আমাৰ সীমাৰ এক ইঞ্চি মাটিও বহিঃৰাজ্যক এৰি নিদিওঁ৷ তাৰ বাবে বুকুত গুলী পাতি ল’বলৈ সাজু৷ ইপিনে লাইলাপুৰলৈ যোৱাত আৰক্ষী–প্রশাসনৰ পৰা বাধা পোৱাৰ পাছত কংগ্রেছৰ প্রতিনিধি দলটোৱে আহত হৈ হাস্পতালত চিকিৎসাধীন হৈ থকা আৰক্ষী জোৱানসকলক সাক্ষাৎ কৰে৷ ইয়াৰ পাছতেই বিয়লিৰ ভাগত শিলচৰ জিলা কংগ্রেছ কার্যালয়ত কংগ্রেছৰ প্রতিনিধি দলটোৱে এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলখনত সাংসদ প্রদ্যুৎ বৰদলৈয়ে ঘটনা সম্পর্কত ন্যায়িক তদন্তৰ দাবী জনায়৷ সেইদৰে সাংসদ গৌৰৱ গগৈয়ে সমগ্র ঘটনাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ক জগৰীয়া কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে৷
বৰপেটাৰ কদমগুৰিত শ্বহীদ নজমুল হুছেইনৰ শেষকৃত্য সম্পন্ন
অসমৰ কাছাৰ জিলাৰ অসম–মিজো সীমান্তত সোমবাৰে মিজো নিৰাপত্তাৰক্ষী আৰু দুষৃকতিকাৰীয়ে চলোৱা গুলীচালনাত প্রাণ হেৰুওৱা অসম আৰক্ষীৰ জোৱান শ্বহীদ নজমুল হুছেইনৰ নশ্বৰ দেহ আজি পুৱা বৰপেটা জিলাৰ কদমগুৰি গাঁৱৰ নিজ গৃহলৈ লৈ অনা হয়৷ পুৱা শ্বহীদগৰাকীক বৰপেটা জিলা আৰক্ষী প্রশাসনৰ তৰফৰ পৰা সন্মান প্রদর্শন কৰা হয়৷ বৰপেটা জিলা প্রশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্ত তেজপ্রসাদ ভুষাল আৰু আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ লগতে আৰক্ষীৰ কেইবাগৰাকী বিষয়াই শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বিয়লি শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত হৈ সৰভোগ সমষ্টিৰ চি পি আই এম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সৰুক্ষেত্রী সমষ্টিৰ কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, মঙলদৈ সমষ্টিৰ কংগ্রেছ বিধায়ক বসন্ত দাস, আমছুৰ সভাপতি ৰেজাউল কৰিম, সংখ্যালঘু সংগ্রাম পৰিষদৰ নেতাজ ইব্রাহিম আলীৰ লগতে অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস আৰু বিভিন্ন দল–সংগঠনৰ নেতা আৰু স্থানীয় ৰাইজে শ্বহীদগৰাকীক শেষ শ্রদ্ধা জনায়৷
সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে চৰকাৰক সমালোচনা কৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ভুল নীতিৰ বাবেই অসম–মিজোৰাম সীমান্তত এনে ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে৷ একেদৰে সৰুক্ষেত্রীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভূমিকাক সমালোচনা কৰে৷ অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাসে শ্বহীদগৰাকীৰ পত্নীক সাক্ষাৎ কৰি সমবেদনা জনায়৷ শ্বহীদসকলৰ ত্যাগ অথলে নাযায় বুলিও মন্তব্য কৰে বিজেপি নেতা অনিল কুমাৰ দাসে৷ ইয়াৰ পাছত দিনৰ প্রায় ১ বজাত কদমগুৰি ঈদগাহ ময়দানত শ্বহীদগৰাকীৰ জানাজা সম্পন্ন কৰা হয়৷ উল্লেখ্য যে বৰপেটা জিলাৰ হাউলী থানাৰ অন্তর্গত কদমগুৰি গাঁৱত জন্মগ্রহণ কৰা নজমুলৰ পিতৃ প্রয়াত হাবেজউদ্দিন আৰু মাতৃ নুৰনাহাৰ বেওৱা৷ দাবালীয়াপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্রহণ কৰি ২০০১ চনত নজমুল হুছেইনে অসম আৰক্ষীত যোগদান কৰিছিল৷ মৃত্যুৰ সময়ত নজমুলে বৃদ্ধা মাতৃ, পত্নীসহ দুই পুত্রৰ উপৰি বহু আত্মীয়–স্বজন আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷