নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠজনক গুৰুত্ব নিদিয়াৰ ফল ভুগিছে দলে

তৃণমূল কংগ্রেছৰ পৰাও দিছিল প্রস্তাৱ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ উপ–নির্বাচনত বিধ্বস্ত হোৱা কংগ্রেছৰ নেতৃত্বৰ বিৰুদ্ধে দলৰ ভিতৰৰ পৰাই ক্ষোভৰ উদ্গীৰণ হৈ থকাৰ সময়তে আন এজন জ্যেষ্ঠ নেতাই নেতৃত্বৰ বিৰুদ্ধে উজাৰিলে বিষোদগাৰ৷ জ্যেষ্ঠ নেতাক প্রদেশ কংগ্রেছে সন্মান নকৰাৰ অভিযোগ তুলি  সংবাদ মাধ্যমৰ সন্মুখত সৰৱ হ’ল উজনিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী পৃথিৱী মাঝি৷ বিধানসভা প্রাংগণত সাংবাদিকৰ আগত প্রদেশ কংগ্রেছৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি মাঝিৰ অভিযোগ– নেতৃত্বৰ মইমতালিৰ বাবেই দুর্ভোগ ভুগিছে কংগ্রেছে৷ মাঝিয়ে কয়–উপ–নির্বাচনত দল বিধ্বস্ত হোৱাৰ বাবে দায়ী দলৰ নেতৃত্ব৷ জ্যেষ্ঠ নেতাসকলৰ কোনো কথাই শুনিব নোখোজা নেতৃত্বই সেয়েহে উপ–নির্বাচনত শূন্য ফলাফল পালে৷ জ্যেষ্ঠ নেতাসকলক গুৰুত্ব দিলে এই অৱস্থা নহ’লহেঁতেন৷ মোক দলে কোনো ক্ষেত্রতে গুৰুত্ব নিদিয়ে৷ একমাত্র মোকেই নহয়, অকণ বৰা, শৰৎ বৰকটকী, টংক বাহাদুৰ ৰাই, নীলমণি সেন ডেকাৰ লগতে দলৰ কেইবাজনো জ্যেষ্ঠ নেতাক এতিয়া প্রদেশ কংগ্রেছৰ নেতৃত্বই এলাগী কৰি ৰাখিছে৷

আনহাতে, বিগত বিধানসভা নির্বাচনত দলৰ জ্যেষ্ঠ নেতাসকলক এলাগী কৰি উজনিত ছত্তিশগড়ৰ পৰা আমদানি কৰা নেতাৰে ভোটাৰ ৰাইজৰ ওচৰলৈ যোৱা বাবেই ৰাইজে এই নেতাসকলক গ্রহণ নকৰিলে৷ বাহিৰৰ পৰা অহা নেতাৰ বাবেই দল বিধ্বস্ত হ’ল উজনিত৷ ইফালে পুত্র প্রদীপ মাঝিয়ে চৰম হতাশাত ভুগি বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰি তেওঁ কয়– দলৰ নেতৃত্বৰ এনে আচৰণত প্রদীপ মাঝি হতাশাত ভুগিছিল৷ আগতে মই তেওঁক কংগ্রেছ এৰিবলৈ বহুবাৰ বাধা দিছিলোঁ৷ কিন্তু এইবাৰ নোৱাৰিলোঁ৷ মোকো বিজেপিয়ে কেইবাবাৰো যোগাযোগ কৰিছিল৷ কিন্তু মই দল এৰিব খোজা নাই৷ এতিয়া দল এৰাৰ বয়সো নাই৷ তৃণমূল কংগ্রেছৰ সৈতেও মোৰ যোগাযোগ হৈছিল৷ এটা শীর্ষ পদত অধিষ্ঠিত কৰাৰো প্রস্তাৱ আহিছিল দলটোৰ পৰা৷ কিন্তু মই কংগ্রেছ এৰিব খোজা নাই৷ উল্লেখ্য যে প্রদেশ কংগ্রেছৰ শীর্ষ নেতৃত্বই উজনিৰ চাহ জনগোষ্ঠীয় প্রতিজন জ্যেষ্ঠ নেতাকে শেহতীয়াকৈ এলাগী কৰাৰ অভিযোগ দলৰ ভিতৰচ’ৰাত প্রবলভাৱে উচ্চাৰিত হৈছে৷ বিষয়টোক লৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কোনো প্রতিক্রিয়া প্রকাশ নকৰাক লৈও ক্ষুব্ধ হৈ পৰিছে চাহ জনগোষ্ঠীৰ নেতাসকল৷

You might also like