কংগ্রেছৰ আদর্শও নাই, নেতাও নাই
বিজেপিৰ ১৪জন–অগপৰ এজন প্রার্থীৰ হৈ বৰাকত প্রধানমন্ত্রীৰ প্রথমখন বিশাল নির্বাচনী সভা
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে বৰাকত আনুষ্ঠানিকভাৱে ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযান আৰম্ভ কৰিলে৷ কৰিমগঞ্জৰ ভাট্টগ্রামত বিশাল জনসমুদ্রক সম্বোধি মোদীয়ে ঘোষণা কৰে– অসমৰ সর্বত্র চলিছে কেৱল বিকাশ, নিৰন্তৰ বিকাশ৷ অসমক আগুৱাই নিয়াৰ বাবে বিজেপিযে অহৰহ কাম কৰি যাব৷ আজি আয়োজিত বিজয় সংকল্প সমাৰোহত মোদী সৰৱ হৈ পৰে কংগ্রেছৰ বিৰুদ্ধে৷ লক্ষাধিক বিজেপি কর্মী তথা সমর্থকৰ সন্মুখত ভাষণ প্রদান কৰি প্রধানমন্ত্রীৰ মন্তব্য– কংগ্রেছৰ আদর্শও নাই, নেতাও নাই৷ এহাতে বিজেপিৰ উন্নয়নৰ নীতি আৰু নেতৃত্ব, আনহাতে কংগ্রেছৰ নীতিহীন আদর্শ আৰু নেতৃত্বৰ অভাৱ৷ এই দুয়োটা দিশক এইবাৰ ৰাইজে তুলনা কৰি চাব৷ মোদীয়ে প্রশ্ণ কৰে– যি দলৰ স্থিতি থৰক–বৰক, সেই দলে কেনেদৰে চৰকাৰ চলাব৷ বৰাকত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা বিজেপিৰ ১৪জন আৰু মিত্রদল অগপৰ এজন প্রার্থীৰ হৈ প্রচাৰ চলাই মোদীয়ে কয়– আজি দেশে স্বাধীনতাৰ যি সোৱাদ লৈছে, তাত অসমৰ বীৰ লাচিত বৰফুকনৰ দৰে পুণ্য ব্যক্তিৰ ভূমিকা বিৰল৷ লাচিত বৰফুকনৰ পৰা নেতাজী সুভাষ চন্দ্র বসুলৈকে দেশ নির্মাণত যিসকল ব্যক্তিয়ে অৰিহণা যোগাই গৈছে, তাক সকলোৱে আজি স্মৰণ কৰিছে৷ বৰাক ভেলী অসমৰেই প্রৱেশদ্বাৰ নহয়, বিজেপিৰো প্রৱেশদ্বাৰ৷ তিনি দশক পূর্বে বিজেপিৰ যেতিয়া উত্থান হোৱা নাছিল, বৰাকৰ ১৫খন আসনৰ ৯খন দখল কৰিবলৈ সক্ষম হৈছিলোঁ আমি৷ সেই সময়ছোৱাত বিজেপি বৰাকবাসীৰ অন্তৰত থাকি এক কণ্ঠ হিচাপে মূৰ দাঙি আছিল৷ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস– উন্নয়নৰ এই মূলমন্ত্র আগত ৰাখি আজি অসমত বিজেপিয়ে কাম কৰি গৈছে৷
যোৱা পাঁচ বছৰত বিজেপি চৰকাৰখনে যি উন্নয়নৰ কাম কৰিলে, তাৰ দ্বাৰা অসমৰ ৰাইজে বিজেপি তথা এন ডি এক পূর্বতকৈও অধিক আসনেৰে ক্ষমতালৈ অনাৰ বাবে ব্যাকুল হৈ আছে৷ আজি অসমত বিকাশৰ ঢ়ৌ বৈছে৷ সর্বত্র বিকাশ হৈছে, নিৰন্তৰ বিকাশ হৈছে৷ এতিয়া মাত্র এটাই ইছ্যু– বিকাশ৷ প্রধানমন্ত্রীয়ে পুনৰ কয়– প্রাকৃতিক প্রাচুর্যৰে ভৰপূৰ বৰাক দশক পূর্বে আছিল ৰাজহ সংগ্রহৰ অন্যতম কেন্দ্রস্থল৷ চাহৰ পৰা পেট্র’লিয়াম পদার্থলৈকে চট্টগ্রাম আৰু কলকাতা বন্দৰৰ পৰা ব্রহ্মপুত্র আৰু পদ্দা নদীৰে এনে সামগ্রীৰ আমদানি–ৰপ্তানি চলিছিল, যাতায়াত চলিছিল৷ কিন্তু কংগ্রেছৰ দুর্নীতি আৰু ভোটবেংকৰ ৰাজনীতিয়ে অসমখনক ৰাজহ নোহোৱা ৰাজ্যত পৰিণত কৰিলে৷ কংগ্রেছৰ নীতিয়ে সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, ভৌগোলিক আৰু ৰাজনৈতিকভাৱে অসমখনক বহু লোকচান কৰিলে৷ যি সময়ত সমগ্র উত্তৰ–পূব এক হৈ আছিল, তেতিয়া যোগাযোগ ব্যৱস্থা তথা জনসাধাৰণৰ মাজত সম্পর্ক আছিল যথেষ্ট উন্নত৷ কিন্তু কংগ্রেছৰ দুর্নীতি আৰু ভোটবেংকৰ ৰাজনীতিয়ে অসমৰ লগতে উত্তৰ–পূবক দেশৰ সৈতে বিচ্ছিন্ন কৰি তুলিলে৷ সমগ্র উত্তৰ–পূবক কেৱল ৰাজনীতিৰ বাবেই কেইবাটাও ভাগত বিভক্ত কৰিলে কংগ্রেছে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰে বিকাশৰ নীতিত আগুৱাই গৈছে৷ ২০১৬ চনত মই যেতিয়া বৰাকলৈ আহিছিলোঁ, তেতিয়া কংগ্রেছৰ এক নীতিক লৈ স্তম্ভিত হৈছিলোঁ৷ পূর্বে কংগ্রেছে বৰাকৰ প্রশাসন চলাইছিল দিছপুৰৰ পৰা৷ কংগ্রেছ চৰকাৰখনে বৰাক আৰু অসমক বহুত ডাঙৰ অন্যায় কৰিছে৷ কিন্তু বিজেপিয়ে এই অন্যায় দূৰ কৰি বৰাকৰ জনসাধাৰণক সকলো অসমবাসীৰ সৈতে একলগ কৰাৰ বাবে কাম কৰিলে৷ ৰে’ল যোগাযোগৰ ক্ষেত্রত সর্বাধিক প্রতাৰণাৰ বলি হৈছিল বৰাকবাসী৷ ৰে’ল যাতায়াত উন্নয়নৰ বাবে বৰাকত দাবী উত্থাপন হৈছিল৷ কিন্তু হোৱা নাছিল ৰে’ল যোগাযোগৰ ব্যৱস্থা৷ যাতায়াতৰ ক্ষেত্রত চৰম অসুবিধাৰ সন্মুখীন হোৱা বৰাকবাসীয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ দুর্ভোগ ভুগিছিল৷ কিন্তু যোৱা পাঁচ বছৰত যোগাযোগ ব্যৱস্থাত অভূতপূর্ব পৰিৱর্তন হ’ল৷ বৰাকবাসীয়ে আজি যি ধৰণৰ পথ যোগাযোগ ব্যৱস্থা, ৰে’ল যোগাযোগৰ ব্যৱস্থা কৰিলে, তাক পর্যটকেও প্রশংসা কৰিছে৷
ৰাজ্যৰ আন্তঃগাঁথনিত বিজেপিয়ে সর্বাধিক গুৰুত্ব গিছে৷ যাৰ বাবে আজি অসমত নতুন পথ, দলং, ফ্লাই অভাৰ নির্মাণ হৈছে৷ ভূপেন হাজৰিকা সেতু বিজেপি চৰকাৰে সম্পূর্ণ কৰিলে৷ দেশৰ বৃহত্তম দলং ধুবুৰী–ফুলবাৰী দলং বিজেপি চৰকাৰে নির্মাণৰ কাম আৰম্ভ কৰিলে৷ ব্রহ্মপুত্রৰ ওপৰত ৰোপৱে’ বিজেপি চৰকাৰে কৰিলে, দেশৰ দীর্ঘতম ৰে’ল দলং বগীবিলৰ ওপৰত বিজেপি চৰকাৰে সম্পন্ন কৰিলে৷ আজি অসমত বিমানসেৱা, ৰাষ্ট্রীয় ঘাইপথ, ৰে’ল যোগাযোগ ব্যৱস্থা বিজেপি চৰকাৰে সম্ভৱ কৰিলে৷ আজি শিলচৰৰ সৈতে দিল্লী, গুৱাহাটী, ডিব্রুগড়, আগৰতলাৰ প্রত্যক্ষ ৰে’ল যোগাযোগ ব্যৱস্থা আৰম্ভ হৈছে৷ এটা সময়ত শিলচৰৰ পৰা লামডিঙলৈ মাত্র ৬খন ৰে’লহে চলিছিল৷ কিন্তু এতিয়া ১২খনৰো অধিক ৰে’ল চলাচল কৰে৷ অসমৰ সৈতে দেশৰ আন প্রান্তৰ যি বৃহৎ সংযোগ হৈছে, ইয়াক হাজাৰবাৰ চেষ্টা কৰিলেও ভাঙিব নোৱাৰি৷
ইয়াৰ পূর্বে বিজয় সংকল্প সমাৰোহত ভাষণ প্রদান কৰি ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রথমখন নির্বাচনী সভা বৰাকৰ পৰা আৰম্ভ কৰাটো বৰাকৰ লগতে অসমবাসীৰ বাবে সৌভাগ্যৰ বতৰা৷ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷ সেয়েহে আমি প্রতিশ্রুতি দিওঁ যে ২০২২ চনৰ মার্চ মাহৰ আগতে ১ লাখ যুৱক–যুৱতীক প্রদান কৰা হ’ব চৰকাৰী চাকৰি৷ অৰুণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰা হ’ব৷ তদুপৰি ১০ লাখ যুৱক–যুৱতীক ২ লাখকৈ দিয়া হ’ব স্বয়ম আঁচনিৰ ধন৷ আজিৰ নির্বাচনী সভাখনত কেন্দ্রীয় মন্ত্রী তথা নির্বাচনী তত্ত্বাৱধায়ক নৰেন্দ্র সিং টোমৰ, বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সাংসদ ডাঃ ৰাজদীপ ৰয়, কৃপানাথ মাল্লা, জ্যেষ্ঠ কেন্দ্রীয় নেতা সুভাষ বৰালা, নবীন কুমাৰ, কাছাৰ বিজেপিৰ সভাপতি বিমলেন্দু ৰায়, কৰিমগঞ্জৰ জিলা সভাপতি শুভ্রত ভট্টাচার্য, হাইলাকান্দিৰ জিলা সভাপতি স্বপ্ণ ভট্টাচার্যৰ লগতে বৰাকৰ ১৪টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকল ক্রমে– বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, সুব্রত নাথ, ড০ মানস দাস, দীপায়ন চক্রৱর্তী, আমিনুল হক লস্কৰ, পৰিমল শুক্লবৈদ্য, মিহিৰকান্তি সোম, কৌশিক ৰায়, কমলেন্দু দাস, গৌতম ৰয় আৰু বিশ্বৰূপ ভট্টাচার্য উপস্থিত থাকে৷