বিটিচি নির্বাচনত সহায় কৰি বিপিএফলৈ মিত্রতাৰ হাত কংগ্রেছৰ; ২০ পৰিষদীয় সমষ্টিত সমর্থন দিব মহিলাৰীৰ দলক
নিয়মীয়া বাৰ্তা, ২১ জুনঃ আসন্ন বিটিচি নির্বাচনত হাগ্রামা মহিলাৰীক সহায় কৰি অহা বছৰ হ’বলগীয়া বিধানসভা নির্বাচনত বি পি এফৰে মিত্রতাৰ দুৱাৰ খোলাৰ ৰণনীতি যুগুতাইছে কংগ্রেছে৷
২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ লক্ষ্যৰে কংগ্রেছে ইতিমধ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতা একপ্রকাৰ চূড়ান্ত কৰিছে৷ এইক্ষেত্রত সমষ্টি বুজাবুজি কৰি দল দুটাই আনুষ্ঠানিক ঘোষণা কৰিবলৈহে বাকী আছে৷ একে সময়তে কংগ্রেছে হাগ্রামা নেতৃত্বাধীন বি পি এফৰ লগতে চি পি আই, চি পি আই (এম), অখিল গগৈ আদিৰ সৈতেও মিত্রতাৰ দুৱাৰ খুলি ৰাখিছে৷
প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এই বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে প্রকাশ কৰিছে৷ পুৰণি বন্ধু বি পি এফৰে পুনৰ মিত্রতা কৰাৰ ক্ষেত্রত কংগ্রেছে আসন্ন বিটিচি নির্বাচনত হাগ্রামা মহিলাৰীক সহায় কৰি মিত্রতাৰ দুৱাৰ খোলাৰ ৰণকৌশল গ্রহণ কৰিছে৷ উল্লেখ্য যে আসন্ন বিটিচি নির্বাচনত ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত মাত্র ১৩টাতহে কংগ্রেছ দলে প্রার্থিত্ব আগবঢ়াইছে৷ কংগ্রেছৰ মিত্র এ আই ইউ ডি এফ দলে ৭টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে৷
প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা কংগ্রেছৰ বিটিচি নির্বাচন কমিটীৰ অধ্যক্ষ দুর্গাদাস বড়োৱে জানিবলৈ দিয়া মতে, বিটিচি নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফে মিত্র শক্তি হিচাপে যুঁজ দিব৷ অহা ২২ জুনৰ পৰা দুয়োটা দলে যুটীয়াভাৱে প্রচাৰ অভিযানত নামি পৰিব৷ ২২ আৰু ২৩ জুনত দল দুটাৰ প্রতিনিধি দলে কোকৰাঝাৰ জিলাৰ ৫টা পৰিষদীয় সমষ্টিত প্রচাৰ অভিযান চলাব৷ জিলাখনৰ ৩টা পৰিষদীয় সমষ্টিত কংগ্রেছে আৰু দুটা পৰিষদীয় সমষ্টিত এ আই ইউ ডি এফে প্রতিদ্বন্দ্বিতা কৰিছে৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক দুর্গাদাস বড়ো, অপূর্ব ভট্টাচার্য, আব্দুৰ ৰহিম খান, সম্পাদক ভূপেন দৈমাৰী, ভাস্কৰ দাহাল, বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, এ আই ইউ ডি এফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, নিজানুৰ ৰহমান, নজৰুল হক, দলৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামৰ নেতৃত্বত যুটীয়া প্রতিনিধি দলটোৱে এই প্রচাৰ অভিযানত অংশগ্রহণ কৰিব৷ তেওঁ আৰু জানিবলৈ দিয়া মতে, কংগ্রেছ আৰু এ আই ইউ ডি এফে মুঠ ২০টা পৰিষদীয় সমষ্টিতহে প্রার্থিত্ব আগবঢ়াইছে৷ বিটিচিৰ বাকী ২০টা পৰিষদীয় সমষ্টিত কংগ্রেছ–এ আই ইউ ডি এফৰ নিজা কোনো প্রার্থী নাই৷ সেয়ে নিজা প্রার্থী নথকা ২০টা পৰিষদীয় সমষ্টিত তেওঁলোকে কাক সমর্থন দিব, সেই সম্পর্কত এই মুহূর্তলৈ দলে কোনো স্থিৰ সিদ্ধান্ত গ্রহণ কৰা নাই৷ নির্বাচনৰ তাৰিখ ঘোষণাৰ পাছত ৰাজনৈতিক লাভালাভৰ হিচাপ–নিকাচ কৰি সেইসমূহ পৰিষদীয় সমষ্টিত কাক সমর্থন আগবঢ়াব, সেই সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷ এই প্রসংগতে তেওঁ প্রয়োজনত বি পি এফক সমর্থন দিয়াৰ ইংগিত দি কয় যে নির্বাচনত অৱতীর্ণ হোৱা প্রতিটো দলেই কংগ্রেছ–এ আই ইউ ডি এফৰ বাবে প্রতিদ্বন্দ্বী৷ কিন্তু নির্বাচনৰ পাছত বিটিচি চৰকাৰ গঠনৰ ক্ষেত্রত বিজেপিৰ বাহিৰে কোনো দল কংগ্রেছৰ বাবে শত্রু নহয়৷
ইপিনে বিটিচিৰ শাসনভাৰ পুনৰ দখলৰ স্বার্থত ৰাজ্য চৰকাৰত বিজেপিৰ মিত্র হৈ থাকিলেও পুৰণা মিত্র কংগ্রেছৰ সহায় ল’বলৈ সাজু হৈছে হাগ্রামা মহিলাৰীও৷ কংগ্রেছৰ পৰা বিটিচি নির্বাচনত সহায়ৰ ইংগিত লাভ কৰাৰ পৰিপ্রেক্ষিততে সম্প্রতি মহিলাৰীকে ধৰি বি পি এফ নেতৃত্বই বিজেপিক মিত্রতাৰ ক্ষেত্রত কাকূতি–মিনতি কৰাও এৰি দিয়া পৰিলক্ষিত হৈছে৷ দলৰ কার্যকৰী সভাপতি সাংসদ বিশ্বজিৎ দৈমাৰী, উপ–সভাপতি মন্ত্রী প্রমীলাৰাণী ব্রহ্মৰ ভাষ্যতেই সেই ছবিখন অধিক পৰিষ্কাৰ হৈছে৷ বিটিচি নির্বাচনত বি পি এফৰ বিৰুদ্ধে বিজেপি অৱতীর্ণ হোৱাৰ প্রসংগত শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত দৈমাৰী আৰু ব্রহ্মই প্রকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰত বিজেপি–বি পি এফৰ মিত্রতা অব্যাহত আছে৷ বিটিচি নির্বাচনত দুয়োটা দলে যুদ্ধত অৱতীর্ণ হৈছে৷ ৰাজনীতিত এয়া স্বাভাৱিক কথা৷ দুয়োটা দলে নিজৰ নিজৰ প্রার্থীক জয়ী কৰাৰ চেষ্টা কৰিবই৷ তাত আচৰিত হ’বলগীয়া একো নাই৷ প্রত্যেকে নিজৰ নিজৰ প্রার্থীক জয়ী কৰোৱাৰ বাবে নিজাববীয়াকৈ কৌশল ৰচনা কৰিব৷ এই সম্পর্কত বি পি এফৰ এক সূত্রই প্রকাশ কৰা অনুসৰি বি পি এফৰ লক্ষ্য হৈছে পুনৰ বিটিচি চৰকাৰ দখল কৰা৷ তাৰ বাবে দলে প্রয়োজনীয় ৰণকৌশল যুগুতাই তেওঁলোকে পুনৰ বিটিচি দখলৰ চেষ্টা কৰিব৷ দলটোৰ এই স্থিতিয়ে বিটিচি দখলৰ স্বার্থত তেওঁলোকে প্রয়োজনত কংগ্রেছৰ সমর্থন, সহায়–সহযোগিতাও গ্রহণ কৰিবলৈ যে সাজু, তাৰেই স্পষ্ট ইংগিত বহন কৰে৷