নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত বিজেপিৰ নীতি-আদৰ্শলৈ সঁহাৰি জনাই সংখ্যালঘু নেতাৰ যোগদান

বিশেষ বাৰ্তা, ১৮মাৰ্চঃ বিশ্বনাথত দলে দলে কংগ্ৰেছ ত্যাগ  কৰিছে  নেতা কৰ্মীয়ে। তাচপাতৰ দৰে খহিছে কংগ্ৰেছৰ ভোট বেংক। কাহানিও কংগ্ৰেছ ত্যাগ নকৰিব বুলি ভবা বহু নেতাই আনকি লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে দল এৰি গেৰুৱা বসন পিন্ধিছে। সংখ্যালঘু অঞ্চলত কংগ্ৰেছৰ দুৰ্গ বুলি থকা ধাৰণা এতিয়া বিশ্বনাথত অতীত হোৱাৰ পথত। কিয়নো আজি বিশ্বনাথত কংগ্ৰেছত অন্যতম ভোট বেংক কুমলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ফৰচি আটিৰ  হাফিজা মাদ্ৰাছা প্ৰাংগণত এখন বৃহৎ যোগদান সভা অনুষ্ঠিত হয়। কাৰ্যতঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে ক্ষমতাসীন বিজেপিয়ে তৎপৰতা বৃদ্ধি  কৰিছে। এনে ৰাজনৈতিক তৎপৰতাত অংশ ৰূপেই আজি  বিশ্বনাথৰ কুমলীয়াত বিশ্বনাথ মণ্ডলৰ এখন যোগদান সভা আয়োজন কৰা হয়। বিশ্বনাথ বিজেপি মণ্ডলৰ সভাপতি প্ৰাণোদীপ্ত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত  বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমলীয়াত বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কুমলীয়া পঞ্চায়তৰ সভানেত্ৰী মফিদা খাতুন, প্ৰাক্তন সভাপতি আমিজুল হক, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য হিমা দেৱী, প্ৰদীপ চাপকটা, আমছুৰ বিশ্বনাথ জিলাৰ উপ সভাপতি আমিনুল হক সহ ৪৬০ পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। বিশ্বনাথ মণ্ডলৰ সম্পাদক মিলন বৰাই আঁ‌ত ধৰা সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে সকলোকে আদৰণি জনাই যোগদানৰ এই ধাৰাবাহিক অনুষ্ঠানে শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিয়ে বিপুলসংখ্যক ভোটত জয় লাভ কৰিব বুলি মন্তব্য কৰে। বিধায়ক বৰঠাকুৰে  যোগদান কৰা সকলোকে নিষ্ঠাৰে সৈতে বিজেপিত কাম কৰি যাবলৈ আহ্বান জনায়। এই  যোগদান কাৰ্যসূচীত বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি সভাপতি দিগন্ত ঘাটোৱাৰ, উপ সভাপতি সূজিত ভূমিজ, সম্পাদক মতিৰাজ শৰ্মা, প্ৰাঞ্জল গোস্বামী,অনান্য পিচপৰা শ্ৰেণীৰ ৰাজ্যিক উপাধ্যক্ষ ডাঃ ৰঞ্জন গগৈ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশ্বনাথ জিলাৰ সভাপতি দেৱজিৎ বৰা, মহেন্দ্ৰ বছনেট, ৰঞ্জিত কলিতা, ৰাখী দাস, বীৰেন্দ্ৰ ৰাণা, ভৰত তিমছিনা, পদ্ম চেত্ৰী, অতুল দাসৰ লগতে বিভিন্ন পদবীৰ দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ সভাত উপস্থিত থাকে বুলি জিলা মিডিয়া কোষৰ আহবায়ক গোবিন্দ হাজৰিকাই জানিবলৈ দিয়ে।

প্ৰেৰক জয়ন্ত বৰা

You might also like