নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দলৰ কার্যালয়ত অখিলৰে বহিল কংগ্রেছৰ দুই কার্যকৰী সভাপতি

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ  উপ–নির্বাচনক লৈ ৰাজ্যৰ বিৰোধী দলসমূহৰ মাজত আৰম্ভ হোৱা ব্যাপক তৎপৰতাৰ মাজতে আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে ৪০ মিনিটজোৰা বৈঠকত বহিল প্রদেশ কংগ্রেছৰ দুই কার্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ৷ উল্লেখ্য যে উপ–নির্বাচনত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে পুনৰ বিৰোধীক ঐক্যবদ্ধ কৰাৰ কৌশল ৰচনাত নামি পৰিছে ৰাইজৰ দল৷

যোৱা শুকুৰবাৰে এই উদ্দেশ্যে ৰাজীৱ ভৱনত উপস্থিত হৈছিল অখিল গগৈ নেতৃত্বাধীন দলটোৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু আন একাংশ নেতা৷ কংগ্রেছৰ লগতে চি পি আই, অসম জাতীয় পৰিষদ সকলোকে ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে উপ–নির্বাচনত উমৈহতীয়া প্রার্থী প্রক্ষেপৰ বাবে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ওচৰত প্রস্তাৱ দিছিল ৰাইজৰ দলে৷ ৰাইজৰ দলৰ এই প্রস্তাৱক সভাপতি ভূপেন বৰাই ইতিবাচক বুলি গ্রহণ কৰাৰ পাছতেই দেওবাৰে মহানগৰীৰ গান্ধীবস্তিত থকা ৰাইজৰ দলৰ মুখ্য কার্যালয়ত উপস্থিত হ’ল ভূপেন বৰাৰ দুই প্রতিনিধি তথা প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ৷ দলটোৰ সভাপতি অখিল গগৈৰ লগতে কেইবাজনৰো উপস্থিতিত প্রায় ৪০ মিনিটজোৰা এক বৈঠক অনুষ্ঠিত কৰি উপ–নির্বাচনত উমৈহতীয়া প্রার্থী কিদৰে প্রক্ষেপ কৰা হ’ব, সেই সন্দর্ভত বিস্তৃত আলোচনা কৰে৷

মন কৰিবলগীয়া দিশটো হ’ল যে কিছুদিন পূর্বে বিধায়ক অখিল গগৈয়ে কংগ্রেছক সমালোচনা কৰি মন্তব্য কৰিছিল যে উপ–নির্বাচনত কংগ্রেছে অকলশৰে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’লে কংগ্রেছশূন্য হ’ব অসম৷ অকলশৰে প্রতিদ্বন্দ্বিতা কৰিলে কংগ্রেছে উপ–নির্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নহয়৷ অখিল গগৈৰ এই মন্তব্যৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কটাক্ষ কৰি কৈছিল– ৰাজনীতিত ৰাইজৰ দল এতিয়াও পানীকেঁচুৱা৷ আনহাতে কংগ্রেছ ডেৰশ বছৰীয়া পুৰণি এটা দল৷ গতিকে কংগ্রেছক পৰামর্শ দিয়াৰ প্রয়োজন নাই৷ দুয়োটা দলৰ সভাপতি দুজনৰ মাজত চলা এনে অভিযোগ–প্রতিভিযোগ মাজতে হঠাৎ মিত্রতাৰ প্রস্তাৱ লৈ ৰাইজৰ দল কংগ্রেছৰ ওচৰ চপাটো যথেষ্ট লক্ষণীয় হৈ পৰিছে৷ এনে ৰাজনৈতিক তৎপৰতাৰ মাজতে অখিল গগৈয়ে আজি ইয়াকো স্পষ্ট কৰি দিয়ে যে বিৰোধীৰ উমৈহতীয়া প্রার্থী প্রক্ষেপৰ ক্ষেত্রত চলি থকা এই একত্রীকৰণত চামিল হ’ব নোৱাৰিব এ আই ইউ ডি এফ৷ বিজেপিৰ দৰে এ আই ইউ ডি এফো সাম্প্রদায়িক দল৷ সেয়ে কোনো কাৰণতে ৰাইজৰ দলে সাম্প্রদায়িক দল এ আই ইউ ডি এফৰ উপস্থিতিত মিত্রতালৈ আহিব নোৱাৰে৷

গুৰুত্বপূর্ণ দিশটো হ’ল যে এ আই ইউ ডি এফক মাইনাছ কৰি কংগ্রেছে আগন্তুক উপ–নির্বাচনত অৱতীর্ণ হ’ব নে নাই, তাক লৈ দলটোৱে এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল যোৱা সময়ছোৱাত৷ কিন্তু আজি অখিল গগৈৰ সৈতে অনুষ্ঠিত কংগ্রেছৰ বৈঠকে এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ মিত্রতা ভংগ হোৱাৰ ইংগিত বহন কৰিছে৷ সমান্তৰালভাৱে বিৰোধীৰ এই মিত্রতাত পুনৰ বি পি এফক চামিলৰ বাবে যোগাযোগ আৰম্ভ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ আজি কংগ্রেছৰ সৈতে হোৱা বৈঠকৰ পাছতেই অখিল গগৈৰ মন্তব্য– সাম্প্রদায়িক দল এ আই ইউ ডি এফক কোনো কাৰণতে বিৰোধী শক্তিৰ লগত ল’ব খোজা নাই৷ এ আই ইউ ডি এফক আঁতৰ কৰি আন সকলো বিৰোধী ৰাজনৈতিক দলক লগত লৈ আমি উপ–নির্বাচনত অৱতীর্ণ হ’ব বিচাৰোঁ৷ যদি কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা বজাই ৰাখে, তেন্তে বিৰোধী শক্তিত ৰাইজৰ দল নাথাকিব৷

অখিল গগৈয়ে ইয়াকো কয় যে সাধাৰণতে উপ–নির্বাচনত শাসকীয় দলৰ জয় হয় যদিও এইবাৰ বিৰোধী শক্তি ঐক্যবদ্ধ হ’লে অতি কমেও দুই বা তিনিটা সমষ্টি আমি দখল কৰিবলৈ সক্ষম হ’ম৷ ৰাইজৰ দল আৰু কংগ্রেছৰ এনে তৎপৰতাৰ বিপৰীতে অসম জাতীয় পৰিষদে কংগ্রেছ থকা শক্তিত চামিল হোৱাত আপত্তি তুলিছে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য– আমি কেতিয়াও মিত্রজোঁটৰ কথা কোৱা নাই৷ ইয়াৰ পৰিৱর্তে অসম জাতীয় পৰিষদে বিচাৰিছে যে প্রতিটো সমষ্টিতে বিজেপিক প্রতিহত কৰাৰ স্বার্থত এজন প্রার্থী প্রক্ষেপ হওক৷ উপ–নির্বাচনক লৈ চলা এনে ৰাজনৈতিক কুচকাৱাজৰ মাজতে কংগ্রেছৰ সৈতে ৰাইজৰ দলৰ মিত্রতা কিধৰণে আগবাঢ়িব, তাক লৈ আজি দলটোৰ এখন কার্যকৰী কমিটীৰ বৈঠক অনুষ্ঠিত হয়৷

You might also like