কংগ্রেছ–ৰাইজৰ দলৰ মিত্রতাৰ সূত্রক নস্যাৎ ৰাইজৰ
উপ–নির্বাচনত অভাৱনীয় বিজয়ৰ পিছতে বিৰোধীক তীব্র কটাক্ষ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ বিৰোধীক বিধ্বস্ত কৰি উপ–নির্বাচনৰ পাঁচোটা সমষ্টিতে বিজেপি আৰু মিত্রদলৰ জয়লাভৰ পিছতে পুনৰ আন এক উপ–নির্বাচনৰ সম্ভাৱনা প্রকট হৈছে৷ মঙলবাৰে এনে সম্ভাৱনাৰ ইংগিত দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নির্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয়– জয়লাভ কৰা পাঁচটা সমষ্টিত বিজেপিৰ কার্যকর্তা আৰু মিত্রদলৰ কর্মকর্তাসকলে যি ধৰণে কাম কৰিলে, তাক দেখি একাংশ বিৰোধীৰ সমষ্টিৰ ৰাইজে প্রেৰণা লাভ কৰিছে৷ ফলাফলৰ পিছতে দুই–তিনিটা সমষ্টিৰ ৰাইজে উপ–নির্বাচন বিচাৰিছে৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই নির্বাচনী ফলাফলৰ পিছতো বিজেপি থমকি নৰয়৷ অহা ফেব্রুৱাৰীত হ’বলগীয়া পৌৰসভা নির্বাচনৰ বাবে দলৰ প্রতিগৰাকী কার্যকর্তাক সাজু কৰা হ’ব৷ ইফালে, থাওৰা আৰু মৰিয়নি সমষ্টিত ৰাইজৰ দল আৰু কংগ্রেছৰ বুজাবুজিক লৈ কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– কংগ্রেছ–ৰাইজৰ দলৰ মিত্রতাৰ সূত্রক অসমৰ ৰাইজে নস্যাৎ কৰিছে৷
থাওৰা সমষ্টিত অন্তিম সময়ত কংগ্রেছৰ প্রার্থীগৰাকীয়ে ৰাইজৰ দলৰে কংগ্রেছৰ ভোট বদলি কৰিছিল৷ কার্যতঃ ইয়াৰ দ্বাৰা স্পষ্ট হৈছিল যে কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত এক গোপন বুজাবুজি হৈছিল৷ মৰিয়নি সমষ্টিটোও এইবাৰ কংগ্রেছ–ৰাইজৰ দলক সম্পূর্ণৰূপে নস্যাৎ কৰিছে ভোটাৰ ৰাইজে৷ যাৰ বাবে ৪০ হাজাৰতকৈ অধিক ভোটত বিজেপি প্রার্থী জয়ী হৈ এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷
আনহাতে কংগ্রেছে অতিকমেও দুটা সমষ্টিত জয়লাভ কৰিব বুলি পূর্বে কৰা দাবী কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয়– মই কালি নিশা ১০–১২জন কংগ্রেছ বিধায়কৰ সৈতে বার্তালাপ কৰিছোঁ৷ তেওঁলোকে এই নির্বাচনত জয়লাভ যে কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিছিল৷
ভৱানীপুৰ সমষ্টি প্রথমবাৰৰ বাবে বিজেপিৰ দখললৈ অহাৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ২০০৬ চনত অগপৰ বিধায়কে জয়লাভৰ পিছত ২০২১ চনৰ সাধাৰণ নির্বাচনলৈ এই সমষ্টিটো এআইইউডিএফৰ দখলত আছিল৷ এই বিষয়টো জাতিটোৰ বাবে লজ্জাৰ কাৰণ হৈ আছিল৷ বিগত দুটাকৈ বিধানসভা নির্বাচনত বিজেপিয়ে বিজয় লাভ কৰাৰ পিছতো প্রতিজন বিজেপি কর্মীৰ মাজত এটা খেদ আছিল৷ অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ জন্মস্থান ভৱানীপুৰ সমষ্টিটো আমাৰ হাতত নথকাত এক বেদনাই সকলো সময়তে আঘাত দি আছিল৷ কিন্তু ২০০৬ চনৰ পিছত সেই বেদনা প্রাপ্তিৰ আনন্দলৈ ৰূপান্তৰিত হ’ল৷