নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ ৰাজ্যত অব্যাহত আছে জ্যেষ্ঠ কংগ্রেছীৰ বিদ্রোহ৷ যোৱা শুকুৰবাৰে বর্তমানৰ প্রদেশ কংগ্রেছৰ নেতৃত্বই জ্যেষ্ঠ নেতাসকলক গুৰুত্ব নিদিয়ে, জ্যেষ্ঠসকলক এৰাই চলে বুলি প্রাক্তন মন্ত্রী তথা অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ পৃথিৱী মাঝিয়ে অভিযোগ কৰাৰ পাছত এইবাৰ মুখ খুলিছে জ্যেষ্ঠ কংগ্রেছ নেতা তথা প্রাক্তন মন্ত্রী শৰৎ বৰকটকী আৰু নীলমণি সেন ডেকাই৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্রাক্তন মন্ত্রী বৰকটকীয়ে কয়– কেৱল পৃথিৱী মাঝিৰেই নহয়, সকলোৰে দলৰ নেতৃত্বৰ ওপৰত ক্ষোভ–আক্ষেপ আছে৷ মোৰো আছে, প্রাক্তন সাংসদ বলীন কুলী আৰু দ্বিজেন শর্মাৰো আছে৷ প্রাক্তন মন্ত্রী পৃথিৱী মাঝিয়ে দলৰ নেতৃত্বক লৈ ক্ষোভ উজাৰিলেও তেওঁ দল এৰি নাযায় বুলি প্রাক্তন মন্ত্রী বৰকটকীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সেইদৰে কংগ্রেছৰ বিধায়ক এআইইউডিএফত যোগদানৰ বাবে যোগাযোগ কৰা সম্পর্কত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত প্রাক্তন মন্ত্রী বৰকটকীয়ে কয় যে কংগ্রেছৰ মানুহ এআইইউডিএফলৈ নাযায়৷ এআইইউডিএফক কংগ্রেছে আঁতৰাই পঠিয়াইছে৷ সেই এআইইউডিএফত কংগ্রেছৰ বিধায়ক যোৱাৰ প্রশ্ণই নুঠে৷
ইপিনে, প্রাক্তন মন্ত্রী নীলমণি সেন ডেকাই নেতৃত্বৰ দুর্বলতাৰ বাবেই দল দুর্বল হৈছে বুলি মন্তব্য কৰি কয় যে নেতৃত্বৰ সাংগঠনিক কৌশলৰ অভাৱৰ বাবেই দল দুর্বল হয়৷ ২০১৬ৰ পাছত যোগ্য নেতাক নেতৃত্বৰ দায়িত্ব দিয়া নহ’ল বুলি মন্তব্য কৰি তেওঁ কয় যে যোগ্য নেতৃত্বৰ অভাৱৰ বাবেই কংগ্রেছত লবীৰ সৃষ্টি হয়৷ লবী সৃষ্টি হোৱাৰ পাছতে দল থানবান হৈ দলটো দুর্বল হৈ পৰিল৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছ নেতৃত্বই টকাৰ বিনিময়ত টিকট দিয়াৰ গুৰুতৰ অভিযোগ কৰি কয় যে যোগ্যজনক দলীয় টিকট দিয়া হোৱা নাছিল৷ নিজে জিকিব নোৱাৰা নেতাই মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিলে৷ কিন্তু মুখ্যমন্ত্রীৰ দৌৰত থকাসকলে নিজৰ জিলাৰ পৰাই দলীয় প্রার্থীক জিকাব নোৱাৰিলে৷ অলীক কল্পনাত থাকিলে কেনেকৈ মুখ্যমন্ত্রী হ’ব বুলিও তেওঁ প্রশ্ণ কৰে৷ সেইদৰে কংগ্রেছ বিধায়কে বিজেপিত যোগদানৰ প্রসংগত প্রাক্তন মন্ত্রী ডেকাই কয় যে বিৰোধী দলপতি দেৱব্রত শইকীয়াই নিজৰ বিধায়কক ধৰি ৰাখিব নোৱাৰিলে৷ তাৰ উত্তৰ বিৰোধী দলপতিগৰাকীয়ে কিয় নিদিয়ে? ইফালে, বটদ্রৱাৰ কংগ্রেছ বিধায়িকা শিৱামণি বৰাই আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত পুনৰবাৰ তেওঁ বিজেপিত যোগদান নকৰে বুলি স্পষ্ট কৰি দি কয়– মই ইতিমধ্যে বহুবাৰ এই বিষয়ে স্পষ্ট কৰি দিছোঁ৷ মই কংগ্রেছ পৰিয়ালৰ পৰা অহা৷ মই আজীৱন কংগ্রেছী৷ মোৰ মৃত্যু হ’লেহে মই কংগ্রেছ ত্যাগ কৰিম৷