নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনত অকলে অৱতীর্ণ হ’ব কংগ্রেছ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ মিত্রতাৰ ছলেৰে কংগ্রেছত অভিভাৱকত্ব খটুৱাব বিচৰা ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ আশাত চেঁচাপানী ঢ়ালিলে কংগ্রেছে৷ আসন্ন বিধানসভাৰ উপ–নির্বাচনত কংগ্রেছে অকলেই নির্বাচনী যুঁজত অৱতীর্ণ হ’ব বুলি ঘোষণা কৰি কার্যতঃ অখিল গগৈক আউট কৰে বিৰোধী দলটোৱে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে উপ–নির্বাচন হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ বাবে প্রদেশ কংগ্রেছে পাঁচখন সমিতি গঠন কৰি দিছে৷ সেই সমিতিয়ে দাখিল কৰা প্রাৰম্ভিক ৰিপ’টত এই উপ–নির্বাচনৰ ফলাফলে চৰকাৰ গঠনৰ স্থায়িত্বত যিহেতু কোনো প্রভাৱ নেপেলায়, সেয়ে এই নির্বাচনত সংগঠন শক্তিশালী আৰু দলীয় কর্মীৰ মনোবল বৃদ্ধিত গুৰুত্ব দিয়া হৈছে৷

তৃণমূল পর্যায়ৰ কংগ্রেছ কর্মীসকলেও এই সময়ছোৱাত ১২৬টা সমষ্টিতে সংগঠন শক্তিশালী আৰু দলীয় কর্মীৰ মনোবল বৃদ্ধিৰ স্বার্থত সকলোৱে নির্বাচন খেলিব লাগে বুলি কৈছে৷ সেয়ে কংগ্রেছে তৃণমূল কর্মীৰ মতামতৰ আধাৰত এইবাৰ উপ–নির্বাচন অকলে খেলাৰ চিন্তা–চর্চা কৰিছে৷ অখিল গগৈৰ মিত্রতাৰ প্রস্তাৱৰ প্রসংগতো সভাপতি বৰাই কয় যে যি সময়ত বন্ধুত্ব হোৱা হ’লে বিজেপিক চৰকাৰ গঠনত কিছু বাধা দিব পৰা গ’লহেঁতেন, সেই সময়ত কিন্তু তেওঁলোকে প্রয়োজনীয় সহায় নকৰিলে৷ বৰষুণ যোৱাৰ পাছত জাপি লোৱাৰ অর্থ কি? যেতিয়া বন্ধুত্বৰ প্রয়োজন আছিল, তেতিয়া বন্ধুত্ব নহ’ল৷ এতিয়া উপ–নির্বাচনত আটাইকেইখন আসনত জিকিলেও চৰকাৰ সলনি নহয়৷ সেয়ে এনে অৱস্থাত তেওঁ দলৰ কথা শুনিব নে অখিল গগৈৰ কথা শুনিব বুলিও প্রশ্ণ কৰে৷

সেইদৰে প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক একপ্রকাৰ সকীয়নি দি কংগ্রেছ দলক উপদেশ নিদিবলৈ আহ্বান জনায়৷ এই সম্পর্কত শিকদাৰে কয় যে কংগ্রেছ দল হৈছে স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আৰু দেশৰ ভিতৰতে আটাইতকৈ পুৰণি দল৷ অখিল গগৈৰ দল হৈছে দুই–তিনি মাহত জন্ম হোৱা এটা দল৷ দুই–তিনি মাহ আগত জন্ম হোৱা দল এটাই কংগ্রেছক নীতিশিক্ষা দিয়াটো গৰিহণাৰ যোগ্য৷ কংগ্রেছ দলে কোন দিশেৰে আগবাঢ়িব, সেই সম্পর্কত দলটোৰ অখিল গগৈৰ পৰা জানিবলগীয়া একো নাই৷ কংগ্রেছ দল কেতিয়া ক্ষমতাত আহিব, কি কি কাম কৰিলে ক্ষমতাত আহিব, সেই উপদেশ যেন এতিয়াৰ পৰা অখিল গগৈয়ে নিদিয়ে৷

কংগ্রেছৰ কান্ধত বহি অখিল গগৈয়ে ৰাজনৈতিক যুদ্ধত জয়ী হ’বলৈ বিচাৰিলে ভুল কৰা হ’ব বুলি উল্লেখ কৰি শিকদাৰে কয় যে অখিল গগৈৰ জালত কংগ্রেছ সোমাই নাযায়৷ কংগ্রেছক উপদেশ দিয়াৰ আগতে তেওঁ নিজৰ শক্তি বৃদ্ধি কৰক৷ ইফালে, অখিল গগৈক কার্যতঃ কংগ্রেছে প্রত্যাখ্যান কৰাৰ সময়তেই আজি কংগ্রেছৰ সৈতে আলোচনাত মিলিত হয় অজাপ৷ অজাপৰ উপ–সভাপতি কমল নাৰায়ণ চৌধুৰী আৰু ছমচেৰ সিঙে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়৷ আসন্ন বিধানসভাৰ উপ–নির্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বার্থত সকলো বিৰোধীয়ে উমৈহতীয়া প্রার্থী দিয়াৰ বাবে অজাপে প্রস্তাৱ আগবঢ়ায়৷ এই সম্পর্কত অজাপৰ তৰফৰ পৰা কোৱা হয় যে তেওঁলোক যিহেতু মহাজোঁটৰ অংশীদাৰ নহয়, সেয়ে বিজেপিক প্রতিৰোধৰ বাবে সকলো বিৰোধীয়ে উপ–নির্বাচনত উমৈহতীয়া প্রার্থী দিয়াৰ প্রস্তাৱ দিছে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে তেওঁলোকৰ চিন্তা–চর্চা কংগ্রেছে আদৰণি জনাইছে৷ বিজেপিক প্রতিহত কৰাৰ বাবে সকলো বিজেপিবিৰোধী শক্তি একলগ হোৱাৰ যি প্রস্তাৱ দিছে, সেই প্রস্তাৱ তেওঁ দলীয় নীতি নির্ধাৰণ সমিতিত উত্থাপন কৰি গুৰুত্ব সহকাৰে আলোচনা কৰিব বুলিও অজাপৰ প্রতিনিধিক অৱগত কৰিছে৷

You might also like