নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুকামুখত পূর্ণোদ্যমে চলিছে নদীবান্ধৰ নির্মাণ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ নামনিত পৰিব পৰা প্রভাৱ অধ্যয়ন নকৰাকৈয়ে অসম–অৰুণাচল সীমান্তৰ গেৰুকামুখত এনএইচপিচিয়ে নির্মাণ কৰা বৃহৎ নদীবান্ধক লৈ শংকা এতিয়াও আঁতৰি যোৱা নাই৷ দল–সংগঠন তথা অসমবাসীৰ তীব্র বিৰোধিতাকো আওকাণ কৰি নির্মাণ কৰা এই বৃহৎ নদীবান্ধটোৰ এখন গার্ডৱাল এজাক বৰষুণতে খহি পৰাৰ পিছত ৰাইজৰ মনৰ শংকা অধিক ঘনীভূত হৈ পৰিছে৷ কিন্তু নামনিত বাস কৰা লোকসকলৰ জীৱনৰ প্রতি সামান্যতমো চিন্তা নকৰা নির্মাণকাৰী প্রতিষ্ঠানটো এই ঘটনাক লৈ অকণো চিন্তিত নহয়৷ বৰঞ্চ অধিক ক্ষিপ্রগতিৰে নদীবান্ধটোৰ কাম সম্পূর্ণ কৰিবলৈ উঠিপৰি লাগিছে এনএইচপিচি৷ যোৱা ২৭ মে’ত গার্ডৱাল খহি পৰাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতো ২০০০ মেগাৱাট শক্তিসম্পন্ন এই নদীবান্ধটোৰ কাম পূর্ণোদ্যমে অব্যাহত আছে৷

প্রাপ্ত তথ্য অনুসৰি এনএইচপিচিয়ে গার্ডৱালখন খহি পৰাৰ পিছত বৃহৎ নদীবান্ধটোৰ নির্মাণৰ কাম খন্তেকৰ বাবেও বন্ধ কৰাৰ কথা চিন্তা কৰা নাই৷ বৰঞ্চ মূল বান্ধৰ কাম সম্পূর্ণ কৰিবলৈ অধিক তৎপৰ হৈ পৰিছে এনএইচপিচি৷ সম্প্রতি মূল বান্ধটোৰ কাম আগুৱাই নিবলৈ প্রায় ৫০০ বনুৱা নিয়োগ কৰা হৈছে৷ পুৱা প্রায় ৫ বজাৰ পৰাই নদীবান্ধটোৰ মূল বান্ধৰ কাম আগুৱাই নিছে নির্মাণকাৰী সংস্থাটোৱে৷ প্রথমে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ সুযোগ লৈ নদীবান্ধটোৰ কাম ক্ষিপ্রতৰ কৰিছিল এনএইচপিচিয়ে৷ ন্যায়ালয়ৰ বাধা আঁতৰি যোৱাৰ পিছত নাগৰিকত্ব আইনবিৰোধী আন্দোলনত সকলো দল–সংগঠন ব্যস্ত হৈ থকাৰ সময়ত সংগোপনে সামগ্রিকভাৱে বান্ধটোৰ কাম প্রায় ৭০ শতাংশ সম্পূর্ণ কৰিবলৈ সক্ষম হৈছিল এনএইচপিচি৷

লকডাউনৰ সময়তো নির্মাণ কার্যৰ কামসমূহ কৰিবলৈ অনুমতি লাভ কৰাৰ পিছতে নদীবান্ধৰ কাম আগুৱাই নিছে এই সংস্থাটোৱে৷ কিন্তু ইয়াৰ মাজতে যোৱা ২৯ মে’ত অহা এজাক বৰষুণত প্রকল্পটোৰ চাৰিওফালৰ পাহাৰসমূহ চপৰা চপৰে খহিবলৈ আৰম্ভ কৰে৷ নেৰানেপেৰা বৰষুণৰ ফলত জলবিদ্যুৎ প্রকল্পটোৰ ভিন্ন স্থানত ভূমিস্খলনৰ সংঘটিত হয়৷ ইয়াৰ ফলত প্রকল্পটোৰ সংলগ্ণ পাহাৰত এটা বৃহৎ অংশ আকস্মিকভাৱে খহি পৰে৷ সমান্তৰালভাৱে ডাইভার্ছন টানেলেৰে অহা তীব্র বেগী জলাধাৰে খহাই নিয়ে গার্ডৱালৰ বিস্তীর্ণ অংশ৷ ইয়াৰ লগে লগে নদীবান্ধটোত কর্মৰত লোকসকলৰ মাজত হাহাকাৰ লাগে৷ তদুপৰি এই ঘটনা পোহৰলৈ অহাৰ লগে লগে প্রতিক্রিয়া প্রকাশ কৰে বিভিন্ন দল–সংগঠনে৷ সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি ভিন্ন দল–সংগঠনৰ নেতৃবৃন্দই প্রকল্পস্থলী পৰিদর্শন কৰি নদীবান্ধৰ কাম আগুৱাই নিয়াৰ বিৰোধিতা কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ভূমিকম্পপ্রৱণ অঞ্চল হিচাপে বিবেচিত উত্তৰ–পূর্বাঞ্চলত এই বৃহৎ নদীবান্ধৰ ফলত যিকোনো মুহূর্তত অঘটন ঘটাৰ আশংকা প্রকাশ কৰি আহিছে সচেতন মহলে৷ বিশেষকৈ বান্ধটো নির্মাণ কৰা স্থানৰ পাহাৰ থুনুকা হোৱাৰ বাবে উক্ত স্থান উপযুক্ত নহয় বুলিও বিভিন্ন বিশেষজ্ঞই মত প্রকাশ কৰি আহিছে৷

দল–সংগঠনে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন–প্রতিবাদ সাব্যস্ত কৰাৰ উপৰি সেউজ ন্যায়াধিকৰণ আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ কিন্তু ন্যায়ালয়ৰ এই বাধাও আঁতৰি যোৱাৰ পিছত একপ্রকাৰ সেউজ সংকেত লাভ কৰা এনএইচপিচিয়ে পূর্ণোদ্যমে বান্ধৰ কাম আগুৱাই লৈ যায়৷ মূল বান্ধৰ লগতে ডাইভার্ছন টানেল, পাৱাৰহাউছ আদি নির্মাণৰ কাম ক্ষিপ্রগতিৰে আগুৱাই লৈ যায়৷ ইয়াৰ লগে লগে নদীবান্ধটোৰ নামনিত বাস কৰা লোকসকল অধিক শংকিত হৈ পৰিছে৷ শেহতীয়াকৈ গার্ডৱাল খহি পৰাৰ পিছত অসমবাসীয়ে আশংকা কৰাৰ দৰেই যিকোনো মুহূর্তত নদীবান্ধটোত ভয়াৱহ অঘটন সংঘটিত হোৱাৰ সন্দেহ অধিক ঘনীভূত হৈ পৰিছে৷

You might also like