নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষিপ্ৰগতিৰে আগবাঢ়িছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ

🟢ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ কাৰ্য্য 
🟢দুয়ো দিশৰ মুঠ ৭১ টা খুঁটাৰ ভিতৰত ৫৪ টা খুঁটাৰ পাইলিংৰ কাম অব্যাহত
🟢ইলেকট্ৰিক অভাৰহেড ট্ৰেভেলিং ক্ৰেইনেৰে কৰিব দলঙৰ ওপৰৰ অংশৰ কাম
🟢২০২৬ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্মাণকাৰী সংস্থাৰ 
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলংৰ নিৰ্মাণ কাৰ্য দিনে নিশাই চলি আছে। শ্ৰমিক আৰু অন্যান্য বিষয়া কৰ্মচাৰী মিলি বৰ্তমান প্ৰায়  ৬০০জনীয়া এটি দলে নিৰ্মান কাৰ্যত ২৪ ঘণ্টাই ব্যস্ত আছে বুলি জানিবলৈ দিছে নিৰ্মানকাৰী সংস্থাই। কিছু বিসংগতিৰ বাবে প্ৰায় চাৰি মাহ কাল স্থবিৰতাৰে পাৰ কৰাৰ পাছত দলঙৰ দায়িত্বত থকা অথৰিটি ইঞ্জিনীয়াৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰ্যবাহী অভিযন্তা আৰু দক্ষিণপাটৰ দলং নিৰ্মাণ স্থলীত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক দলং নিৰ্মাণকাৰী সংস্থাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পাছৰে পৰা বিগত প্ৰায় ছয় মাহ ধৰি দলংখনে নিৰ্মাণৰ ক্ষেত্ৰত মাজুলী আৰু যোৰহাটৰ দুয়োপাৰতে ক্ষিপ্ৰতা লাভ কৰা বুলি জানিবলৈ দিছে। সেই অনুসৰি দলংখনৰ মুঠ ৭১টা খুঁটাৰ ভিতৰত ৫৪টা খুঁটাৰ কাম চলি আছে। ইফালে যোৰহাটৰ দিশৰ হাতীশালৰ মুঠ ৩৮টা খুঁটাৰ ভিতৰত ৩২টা খুঁটাৰ কাম চলি আছে। বাকী থকা ৬টাৰো কাম অতি শীৰ্ঘেই চলিব বুলি জানিবলৈ দিয়ে। ইফালে বৰ্তমান ব্ৰহ্মপুত্ৰৰ মূল সুতিৰ পানী অংশত ১০টা খুঁটা পৰে যদিও বৰ্তমান পানী কিছু বৃদ্ধি পাই থকাৰ কাৰণে কাম কৰাত কিছু অসুবিধাই দেখা দিছে যদিও পানী হ্ৰাস পোৱাৰ লগে লগেই উক্ত অংশত কফাৰ ডেম পদ্ধতিৰে উক্ত খুঁটা কেইটাৰ পাইলিংৰ কাম আৰম্ভ হব বুলি জানিবলৈ দিয়ে। অন্য অংশৰ তুলনাত কফাৰ ডেম পদ্ধতিৰে হবলগীয়া নদীৰ পানীৰ অংশৰ খুঁটা কেইটাৰ কাম সোনকালে সম্পন্ন হ’ব বুলিও সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে জানিবলৈ দিয়ে। ইফালে বাৰিষাৰ সময়ত দলংৰ কামত স্থবিৰতা নাহে বাৰিষাৰ সময়ত দলংৰ ওপৰৰ অংশৰ কামৰ বাবে চেগমেন খিনি বনোৱাৰ কাম চলিব বুলিও জানিবলৈ দিয়ে। কাম সম্পূৰ্ণ হোৱা খুঁটাসমূহৰ ওপৰত চেগমেনখিনি সংস্থাপনৰ কামৰ বাবে কেইবাখনো ইলেকট্ৰিক ওভাৰহেড ট্ৰেভেলিং ক্ৰেইন এমাহৰ ভিতৰতে আহি পাবহি বুলি জানিব পৰা হৈছে । দলঙৰ অগ্ৰগতি সম্পৰ্কত ফাউণ্ডেচন পৰ্যায়ৰ কাম ৯০% সম্পূৰ্ণ হৈছে বুলিও মত প্ৰকাশ কৰে নিৰ্মান কাৰী সংস্থাৰ সূত্ৰই।  উল্লেখযোগ্য যে ২০২১ চনৰ ১৮ মাৰ্চত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,  মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাজাৰ হাজাৰ দৰ্শকক সাক্ষী কৰি মাজুলীৰ ফুলনিত দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য্য শুভাৰম্ভ কৰাৰ পিছত সেই বৰ্ষতে ২৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল। ৯২৫.৪৭ কোটি টকাৰ মুঠ ব্যয়ৰে নিৰ্মাণ হোৱা দলংৰ মূল নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনে বদ্ৰী ৰায় এণ্ড কোম্পানীৰ সহযোগত ৬৫৩ কোটি টকাত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল। দলং সংযোগী পথৰ সৈতে মুঠ ৮.২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী-যোৰহাটৰ মাজত বহু প্ৰত্যাশিত দলং খনৰ কাম আগন্তুক ২০২৬ চনৰ আগেয়ে সম্পূৰ্ণ হব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দলংৰ প্ৰথমটো খুটাৰ শুভাৰম্ভ কৰি ঘোষণা কৰিছিল। সেই অনুসৰীয়েই ২০২৬ চনৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ পূৰ্ণ প্ৰস্তুতিৰে কাম চলি আছে বুলি নিৰ্মাণ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like