নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ ধনেৰে নইদাত হিন্দুক ধর্মান্তৰকৰণ

অসমৰ সাংসদৰ স্বৰূপ উদঙাই ৰাষ্ট্রীয় সংবাদ মাধ্যমত চাঞ্চল্যকৰ বাতৰি

নিয়মীয়া বাৰ্তা ২৫ জুনঃ অসমৰ এজন প্রভাৱশালী ৰাজনীতিক তথা সাংসদে উত্তৰ প্রদেশৰ নইদাত হিন্দু ধর্মাৱলম্বীক মুছলমানলৈ ধর্মান্তৰকৰণত ধনৰ যোগান ধৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ এই ৰাজনীতিক তথা সাংসদজন আন কোনো নহয়,  এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল৷ দেশ তোলপাৰ লগাই থকা নইদাৰ ধর্মান্তৰকৰণ কাণ্ডক লৈ উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবাদবিৰোধী গোট (এ টি এছ)ৰ অনুসন্ধানত এই কু–কার্যত লিপ্ত দিল্লীৰ জামিয়া নগৰস্থিত ইছলামিক দাৱা চেণ্টাৰ চমুকৈ আই ডি চিক সাংসদ তথা এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে পুঁজি আগবঢ়োৱাৰ তথ্য পোহৰলৈ আহিছে৷ এআইইউডিএফৰ সভাপতিজনৰ উপৰি হিন্দুক মুছলমানৰ ধর্মান্তৰকৰণত বিপুল পৰিমাণৰ বিদেশী পুঁজি যোগানৰ নেটৱর্কৰ তথ্যও লাভ কৰিছে উত্তৰ প্রদেশ আৰক্ষীৰ এ টি এছে৷

ধর্মান্তৰকৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ধৃত মৌলানা ওমৰ গৌতমৰ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে ধনৰ যোগান ধৰা সন্দর্ভত একাংশ ৰাষ্ট্রীয় সংবাদ মাধ্যমত চাঞ্চল্যকৰ বাতৰি প্রকাশ পাইছে৷ ‘জী নিউজ’ আৰু ‘নিউজ নেচন’ৰ বাতৰিত স্পষ্টকৈ কোৱা হৈছে যে দিল্লীৰ জামিয়া নগৰৰ পৰা পৰিচালিত আই ডি চিলৈ বদৰুদ্দিন আজমলে ধন আগবঢ়াইছিল৷ এই কথা স্বীকাৰ কৰিছে সম্প্রতি উত্তৰ প্রদেশ আৰক্ষীৰ এ টি এছৰ জিম্মাত থকা আই ডি চিৰ অধ্যক্ষ মৌলানা ওমৰ গৌতমে৷ এ টি এছে অনুসন্ধান চলাই ধর্মান্তৰকৰণ কার্যৰ বাবে সংস্থাটোৱে লাভ কৰা পুঁজিৰ নেটৱর্কো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ প্রধানতঃ আমেৰিকা, কাটাৰ আৰু কুৱেইটৰ পৰাই আই ডি চিয়ে লাভ কৰিছিল বৃহৎ পৰিমাণৰ ধন৷ দিল্লীৰ ফাতেমা চেৰিটেবল ফাউণ্ডেচন, লক্ষ্ণৌৰ আল–হাছান এডুকেচন এণ্ড ৱেলফেয়াৰ ফাউণ্ডেচন, ফৰিদাবাদৰ মেৱাট ট্রাষ্ট ফৰ এডুকেচনেল ৱেলফেয়াৰ, মুম্বাইৰ মার্কাজুল মাৰিফ আৰু দিল্লীৰ হুমায়ুন ছলিডাৰিটী ফাউণ্ডেচনসহ দেশৰ বহুকেইটা এফচিআৰএ পঞ্জীভুক্ত বেচৰকাৰী সংগঠনৰ জৰিয়তে বিদেশী ৰাষ্ট্রকেইখনৰ পৰা আই ডি চিলৈ ধন প্রেৰণ কৰা হয়৷ এই কথা জেৰাকালত মৌলানা ওমৰ গৌতমে স্বীকাৰ কৰাৰ লগতে সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ নামো লোৱা বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ৷

উত্তৰ প্রদেশ আৰক্ষীৰ এ টি এছৰ তথ্য অনুসৰি হিন্দুৰ পৰা ধর্মান্তৰিত হৈ ইছলাম গ্রহণ কৰাসকলক আর্থিকভাৱে সাহায্য প্রদান কৰা হৈছিল৷ অর্থাৎ আই ডি চিয়ে লাভ কৰা পুঁজি ব্যৱহাৰ কৰিছিল ধর্মান্তৰকৰণ কার্যত৷ এক কথাত সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ ধনো ধর্মান্তৰকৰণত ব্যৱহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ উল্লেখ্য যে নির্দিষ্ট অভিযোগৰ ভিত্তিত যোৱা ২০ জুনত উত্তৰ প্রদেশ আৰক্ষীৰ এ টি এছে ধর্মান্তৰকৰণৰ এক বৃহৎ ৰেকেট পোহৰলৈ আনে৷ এহাজাৰতকৈ অধিক লোক আৰু ছাত্র–ছাত্রীক ইছলামলৈ ধর্মান্তৰিত কৰা মাষ্টাৰ মাইণ্ড মৌলানা ওমৰ গৌতম আৰু ঘনিষ্ঠ সহযোগী মুফতি জাহাংগীৰ আলমক উত্তৰ প্রদেশ আৰক্ষীৰ এ টি এছে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছতেই উন্মোচিত হয় দীর্ঘদিন ধৰি এই চক্রটোৱে ধর্মান্তৰকৰণৰ বাবে ৰচনা কৰা বিভিন্ন ষড়যন্ত্রমূলক কাণ্ড–কাৰখানা৷ চক্রটোৱে ধর্মান্তৰকৰণৰ বাবে অভিকেন্দ্র হিচাপে গঢ়ি তুলিছিল নইদা ডীফ ছ’চাইটীৰ দ্বাৰা পৰিচালিত এখন বধিৰ বিদ্যালয়৷ ২০০৫ চনত নইদাৰ ছেক্টৰ ১১৭ত স্থাপন কৰা ডীফ ছ’চাইটীখনৰ বধিৰ বিদ্যালয়ত অধ্যয়নৰত সামাজিকভাৱে উপেক্ষিত ছাত্র–ছাত্রীসকলক ইছলামলৈ ধর্মান্তৰকৰণৰ লক্ষ্য কৰি লৈছিল৷

ইতিমধ্যে উত্তৰ প্রদেশ আৰক্ষীৰ এ টি এছে ডীফ ছ’চাইটীখনৰ সঞ্চালিকা ৰোমা ৰোকাক সোধা–পোছা কৰাৰ লগতে আটক কৰিছে৷ জেৰাকালত ৰোমা ৰোকাই দিয়া স্বীকাৰেক্তিৰ উদ্ধৃতিৰে জনপ্রিয় হিন্দী বাতৰিকাকত ‘দৈনিক ভাস্কৰ’ত প্রকাশিত বাতৰি অনুসৰি বধিৰ বিদ্যালয়খনলৈ কেইবাজনো মুছলমান মৌলানাই হিন্দুৰ ভেশ ধৰি হিন্দু ছাত্রসকলক সহায় কৰিবলৈ অহাৰ ছলেৰে ধর্মান্তৰকৰণৰ বাবে উদগনি যোগাইছিল৷ একে সময়তে একাংশ কাশ্মীৰী ছাত্রই বিদ্যালয়খনলৈ আহি হিন্দু ছাত্রসকলক ধর্মান্তৰকৰণৰ নামত বিভিন্ন ইছলামিক সংগঠনৰ পৰা লাভ কৰা ধনৰ লগতে অন্য সুবিধা দিয়াৰ প্রলোভন দিছিল৷ অকল সেয়াই নহয়, ধর্মান্তৰিত হোৱাসকলক দিয়া হৈছিল পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ পৰা লাভ কৰা ধনো৷ আন এটা চাঞ্চল্যকৰ তথ্য হ’ল– এই বধিৰ বিদ্যালয়খনৰ পৰাই উত্তৰ প্রদেশসহ দেশৰ সাতখন ৰাজ্যলৈ ধর্মান্তৰকৰণৰ নেটৱর্ক গঢ়ি তোলা হৈছে৷ য’ত আছে অসমো৷

আন ৰাজ্যকেইখন হ’ল– কেৰালা, জম্মু–কাশ্মীৰ, মহাৰাষ্ট্র, দিল্লী আৰু তামিলনাডু৷ ইফালে উত্তৰ প্রদেশ আৰক্ষীয়ে অনুসন্ধান কালত মাষ্টাৰ মাইণ্ড মৌলানা ওমৰ গৌতমৰ দুটাকৈ ভিডি’ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ প্রথমটো ভিডি’ত মৌলানা ওমৰ গৌতমে নিজেই সদৰী কৰিছে যে তেওঁ ১৮বাৰ ইংলেণ্ড আৰু চাৰিবাৰ আমেৰিকালৈ গৈছিল৷ দ্বিতীয়টো ভিডি’ত আই ডি চিয়ে এহাজাৰতকৈও অধিক লোকৰ নামত ধর্মান্তৰিতকৰণ সম্পর্কীয় নথি ইছ্যু কৰা বুলি মৌলানা ওমৰ গৌতমে দাবী কৰিছে৷ লগতে কোৱা হৈছে যে আই ডি চিয়ে মাহেকত ১৫জনতকৈও অধিক লোকৰ নামত এনেধৰণৰ নথি ইছ্যু কৰে৷ মৌলানা ওমৰ গৌতমে আই ডি চিৰ জৰিয়তে ইংলেণ্ড, ছিংগাপুৰ আৰু পোলেণ্ড পর্যন্ত ধর্মান্তৰকৰণৰ কাম হৈ থকা বুলিও দাবী কৰিছে৷ এনেদৰে বিদেশী নেটৱর্ক গঢ়ি তোলাৰ তথ্য লাভ কৰাৰ পাছত শীঘ্রে এই গোচৰটো ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ক হস্তান্তৰৰ সম্ভাৱনা আছে বুলিও ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ৷ কার্যতঃ অসমৰ সাংসদ তথা এআইইউডিএফৰ সভাপতিজনৰ স্বৰূপ উদঙাই ধর্মান্তৰকৰণৰ দৰে কার্যত জড়িত আই ডি চিক ধন আগবঢ়োৱা সন্দর্ভত ৰাষ্ট্রীয় সংবাদ মাধ্যমত এনে চাঞ্চল্যকৰ বাতৰি প্রকাশ পোৱাৰ পাছত মৌলানা বদৰুদ্দিন আজমলে কেনেধৰণৰ প্রতিক্রিয়া প্রকাশ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like