মাৰ্ঘেৰিটাত সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ ৰঙালী বিহু উৎসৱ-সম্বৰ্ধনা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্রাংগণত আজি সমন্বয় কল্যান যুৱ সন্থাৰ উদ্যোগত দিনজোৰা কায্যসূচীৰে ৰঙালী বিহু উৎসৱ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে । বিয়লি এক বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত বিশিষ্ট কবি ড০ ৰণজিত দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱাৰ সভাৰ উদেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে শীৰ্ষ জ্যোতি ( প্রাঞ্জল) নেওগে। সভাত যুৱ সমাজ কৰ্মী সীমান্ত মাধৱ কটকী, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰ, জেষ্ঠ সাংবাদিক ৰাম প্রসাদ আম্বেদকাৰ, শিক্ষক অজিত সিং, সাংবাদিক মানস প্রতীম গগৈ, সোনাৰাম কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সভাতে সমাজৰ বিভিন্ন দিশত অৰিহনা যোগোৱা ডি বি সোণাৰ, দেৱজিত বৰুৱা, উমেশ বড়া, ববী হাজৰিকা আদি কেইবা গৰাকী ব্যক্তিক সংগঠনটোৰ সভাপতি লক্ষীকান্ত বড়া, উপসভাপতি বিজয় কলিতা , মাৰ্ঘেৰিটা কমিটিৰ সভাপতি সঞ্জীৱ বৰা, সম্পাদক বিনোদ দাস আৰু যুৱ সন্থাটোৰ সাধাৰণ সম্পাদক শীৰ্ষজ্যোতি নেওগে চেলেং চাদৰ আৰু প্রশস্তি পত্রৰে সম্বৰ্ধনা জ্ঞাপন কৰে । সভাত কণ্ঠশিল্পী নিৰ্মালী মাহাওৱে পৰিবেশন কৰা গীতে সকলোকে আপ্লুত কৰে । ইয়াৰ পাছত মঞ্চত এটি বিহু দলে বিহু নৃত্য পৰিৱেশ কৰে।
প্ৰেৰক মানস প্ৰতিম গগৈ