নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিডৰ কালৰূপঃ এদিনতে মৃত্যু ১৪জনৰ–আক্রান্ত ২,২৩৬

ভূপালত শীর্ষ অসমীয়া বেংক বিষয়া–গোৱালিয়ৰত বায়ুসেনা কর্মীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ৰাজ্যত কালৰূপ লৈছে ক’ভিডে৷ প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সমানে মৃতকৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ১৪গৰাকী লোক মৃত্যুমুখত পৰে৷ সেইদৰে শনিবাৰৰ দিনটোত ২,২৩৬গৰাকী লোকৰ দেহত নতুনকৈ ক’ভিডৰ উপস্থিতি ধৰা পৰে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জানিবলৈ দিয়া মতে, শনিবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা ১৪গৰাকী লোকৰ ভিতৰত কামৰূপ মেট্র’ৰ ৩গৰাকী, ডিব্রুগড়–হোজাই–যোৰহাটৰ দুগৰাকীকৈ, বৰপেটা–শোণিতপুৰ– এগৰাকীকৈ লোক৷ সেইদৰে শনিবাৰৰ দিনটোত অসমত ৬৯,০৯৪গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ২,২৩৬গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷

দিনটোত আক্রান্তৰ হাৰ ৩.২৪ শতাংশ৷ ইয়াৰে কামৰূপ মেট্র’ জিলাৰ ৮১৫, কামৰূপৰ ১৯৬, নগাঁৱৰ ১২৩, ডিব্রুগড়ৰ ১১৫গৰাকী লোক আছে৷ মন কৰিবলগীয়া এয়ে যে শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত জনপ্রিয় কণ্ঠশিল্পী জুবলী বৰুৱাও আছে৷

ইপিনে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ৬১৯গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান হাস্পতালত ১৪,১৯৮গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷

ক’ভিড আক্রান্ত হৈ ডুমডুমাৰ হেমন্ত বৰাৰ ভূপালত মৃত্যু

 ডুমডুমা পৌৰসভাৰ অন্তর্গত ২নং ৱার্ডৰ ভৰত ভূমিজ পথ নিৱাসী প্রয়াত শিৱ বৰাৰ পুত্র হেমন্ত বৰা (৪৮)ৰ ক’ভিড আক্রান্ত হৈ কালি সন্ধিয়া ভূপালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ জানিব পৰা মতে, ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্রৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ তিনিচুকীয়া মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভর্তি কৰি স্নাতক ডিগ্রী লাভ কৰা বৰাই ডিব্রুগড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷ শিক্ষা জীৱনৰ সামৰণি মাৰি বৰাই কর্মজীৱনৰ পাতনি মেলিছিল এলাহাবাদ বেংকৰ বিষয়া ৰূপে৷ বিত্তীয় বিষয়ত এম বি এ ডিগ্রীধাৰী বৰাই বেংক বিষয়া হিচাপে নিজৰ গৃহ জিলা তিনিচুকীয়াৰ লগতে অন্যান্য ঠাইত কাম কৰাৰ অন্তত মধ্যপ্রদেশৰ ভূপালত অৱস্থিত মাণ্ডলিক কার্যালয়ত উপ–মাণ্ডলিক প্রবন্ধক ৰূপে কর্মত নিয়োজিত হৈ আছিল৷

পৰিয়ালৰ সূত্রে জানিব পৰা মতে, কর্মৰ তাগিদাত বহিঃৰাজ্যত অকলশৰে থকা বৰাই যোৱা ৬ এপ্রিলৰ দিনা ক’ভিডৰ প্রতিষেধকCOVAXIN লৈছিল যদিও ১৫ এপ্রিলৰ পৰা তেওঁ কিছু অসুস্থ হৈ পৰাত পাঁচ দিন ঘৰতে থাকি চিকিৎসা কৰোৱাৰ লগতে ঔষধ খাইছিল৷ কিন্তু যোৱা ২১ এপ্রিলত বৰাৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভূপালৰ এখন চিকিৎসালয়ত ভর্তি হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তাৰ পৰা পুনৰ অন্য এখন চিকিৎসালয়লৈ প্রেৰণ কৰে৷ আনহাতে বৰাৰ এনে অৱস্থাৰ বাবে পৰিয়ালৰ লোক ভূপালত উপস্থিত হৈছিল যদিও যোৱা ২৩ এপ্রিলৰ সন্ধিয়া প্রায় ৫.১৫ বজাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ বৃদ্ধা মাতৃ চিত্রা বৰাসহ সাতগৰাকী বিবাহিতা বায়েক–ভনীয়েকক এৰি যোৱা এলাহাবাদ বেংকৰ শীর্ষ বিষয়া বৰাৰ শেষকৃত্য চৰকাৰী নীতি–নির্দেশনা অনুসৰি ভূপালতে সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে৷

You might also like