অসমলৈ অহা বিমানযাত্ৰীৰ দেহত ক’ৰোনা !
নিয়মীয়া বাৰ্তা, ২৭ মে’: অসমত প্ৰতিমুহূৰ্ততে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। এইবাৰ গুৱাহাটীলৈ অহা বিমান যাত্ৰীৰ দেহত চিনাক্ত হ’ল ক’ৰোনা ভাইৰাছ।
আজি ক’ৰোনা পজিটিভ হোৱা মহিলাগৰাকী গোলাঘাট জিলাৰ ।
উল্লেখ্য যে, আক্ৰান্ত মহিলাগৰাকী আহমেদাবাদৰ পৰা দিল্লীলৈ আহি দিল্লীৰ পৰা স্পাইচ জেটৰ বিমানেৰে গুৱাহাটীলৈ আহিছিল ।
আনহাতে ক’ৰোনা আক্ৰান্তৰ শীৰ্ষত আজিও গোলাঘাট জিলা। গোলাঘাটত এতিয়ালৈ ১৪০ জনৰ দেহত ধৰা পৰিছে ক’ৰোনা ।