কটন বিশ্ববিদ্যালয়ত ড° সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন
- অসমৰ জাতি-জনগোষ্ঠীৰ ইতিহাসক বিষয় হিচাপে লোৱা ড° সূৰ্য কুমাৰ ভূঞা আছিল অসমৰ এক নৱন্যাসিক প্ৰতিভা – ড° অমৰ জ্যোতি চৌধুৰী
নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: কটন বিশ্ববিদ্যালয়ৰ ড° সূৰ্য কুমাৰ ভূঞা পুথিভঁৰালৰ উদ্যোগত যোৱা ২৭জানুৱাৰীত চুৰ্ডমাৰ্চন প্ৰেক্ষাগৃহত অসমৰ প্ৰসিদ্ধ ইতিহাসবিদ, লেখক আৰু শিক্ষাবিদ ড° সূৰ্য কুমাৰ ভূঞাৰ ১২৯ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ‘অসমৰ প্ৰসিদ্ধ নৱন্যাসিক প্ৰতিভা ড° সূৰ্য কুমাৰ ভূঞাঃ কৃতি আৰু কৃতিত্ব – এক অৱলোকন’ শীৰ্ষক এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। এই বক্তৃতা প্ৰদান কৰে শিক্ষাবিদ, লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমৰ জ্যোতি চৌধুৰীয়ে। ভাষণত চৌধুৰীয়ে ড° সূৰ্য কুমাৰ ভূঞাৰ বহুমুখী প্ৰতিভাৰ প্ৰসংগত ভূঞাই অসমৰ ভাষা, সাহিত্য আৰু বিশেষকৈ অসমৰ ইতিহাস চৰ্চালৈ আগবঢ়োৱা অমূল্য বৰঙণিৰ সন্দৰ্ভত আলোকপাত কৰে। মনোগ্ৰাহী আৰু তথ্যপূৰ্ণ ভাষণটিত ড° চৌধুৰীয়ে কটন বিশ্ববিদ্যালয়ৰ ড° সূৰ্য কুমাৰ ভূঞা পুথিভঁৰালে লোৱা উদ্যোগৰ শলাগ লয়। অনুষ্ঠানটি পৰিচালনা কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক ড° সুৰেশ কুমাৰ নাথে। অনুষ্ঠানটিৰ আৰম্ভণিতে ড° সূৰ্য কুমাৰ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰা হয়। অনুষ্ঠান উপলক্ষে ‘সূৰ্য’ শীৰ্ষক এখনি চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ড° সূৰ্য কুমাৰ ভূঞাৰ জীৱন আৰু কৰ্ম বিষয়ক তথ্যচিত্ৰখনিৰ ধাৰণা আৰু চিত্ৰনাট্য ড° সুৰেশ কুমাৰ নাথৰ। চিত্ৰনাট্যখনিৰ নিৰ্দেশনা আৰু পৰিচালনা ৰজত কমল বঁটা বিজয়ী পৰিচালক দীপ ভূঞা আৰু ধাৰাভাষ্য বিৱৰণী কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ সহকাৰী অধ্যাপিকা ড° চয়নিকা দত্তৰ। ব্যৱস্থাপনা আৰু চিত্ৰগ্ৰহণত সহায় কৰিছে ৰূপক বৰাই। অনুষ্ঠানটিত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণত ড° সূৰ্য কুমাৰ ভূঞাৰ বিশাল অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে, ড° সূৰ্য কুমাৰ ভূঞাৰ দৰে কৰ্মযোগী আৰু প্ৰতিভাশালী বিদ্বান সকলেই আধুনিক অসমৰ ভেটি সুদৃঢ় কৰি গৈছে আৰু অসমীয়া জাতিক দিক্-নিৰ্দেশনা প্ৰদান কৰিছে। সভাত অসমীয়া বিভাগৰ অধ্যাপক ড° মহেশ্বৰ কলিতায়ো চমু বক্তব্য প্ৰদান কৰে। বক্তৃতানুষ্ঠানৰ পাছতেই ‘ড° সূৰ্য কুমাৰ ভূঞাৰ জীৱন আৰু কৃতি আৰু অসমৰ ইতিহাস সম্পৰ্কীয় সাধাৰণ জ্ঞান’ বিষয়বস্তুৰ ভিত্তিত এখনি সদৌ অসম ভিত্তিক মুকলি প্ৰাইজমানী কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনি পৰিচালনা কৰে অসমীয়া প্ৰতিদিন কাকতৰ উপ-সম্পাদক দিলীপ শৰ্মাই। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই পুথিভঁড়ালৰ সহকাৰী গ্ৰন্থগাৰিক শ্যামন্ত বড়োয়ে।