নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব ক্ৰীড়াৰ স্নাতক পাঠ্যক্ৰম

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে পৰিৱৰ্তিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । কটন বিশ্ববিদ্যালয়ে অসমত পোনপ্ৰথম বাৰৰ বাবে ক্ৰীড়াবিদৰ বাবে আৰম্ভ কৰিবলৈ লৈছে স্নাতক শাখাৰ পাঠ্যক্ৰম । ৰাজ্যখনৰ প্ৰতিভা সম্পন্ন ক্ৰীড়াবিদসকলে ক্ৰীড়াৰ সৈতে জড়িত কেৰিয়াৰ অব্যাহত ৰাখি, সমান্তৰালকৈ অধ্যয়নো চলাই যাব পৰাকৈ সুবিধা প্ৰদান কৰা এই পাঠ্যক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীৰ চিন্তাৰ ফচল ।

উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে জনোৱা মতে, “এই পাঠ্যক্ৰমে উৎকৃষ্ট প্ৰশিক্ষণ মডেল অনুসৰি প্ৰশিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সুবিধাজনক কাৰ্যসূচী মতে মত বিনিময়ৰ যথেষ্ট সুবিধা প্ৰদান কৰিব ।”

সাধাৰণ স্নাতক ডিগ্ৰী কাৰ্যসূচী হিচাপে গঢ়ি তুলা এই পাঠ্যক্ৰমে ক্ৰীড়াবিদসকলৰ প্ৰয়োজনসমূহ সম্পূৰ্ণ কৰিবলৈ সহায়ক হ’ব । স্নাতক পাঠ্যক্ৰমত বিশেষ পেপাৰ হিচাপে লোৱা যিকোনো বিষয়ত ভৱিষ্যতে স্নাতকোত্তৰ ডিগ্ৰী কৰিবপৰাকৈ সুবিধাও এই পাঠ্যক্ৰমে প্ৰদান কৰিব ।

এই পাঠ্যক্ৰমত ৬ টা ষান্মাসিকত প্ৰতিটোতে ২০ ক্ৰেডিট নম্বৰকৈ সৰ্বমুঠ ১২০ ক্ৰেডিট নম্বৰ ধাৰ্য কৰা হৈছে । এই পাঠ্যক্ৰমৰ নিম্নতম সময়সীমা ৩ বছৰ হোৱাৰ বিপৰীতে সম্পূৰ্ণ কৰাৰ উৰ্ধতম সময়সীমা হ’ব ৬ বছৰ ।

বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জিয়ক ড০ সঞ্জয় দত্তই জনাই,- “ক্ৰীড়াত বিশেষ দক্ষতা থকা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকল এই পাঠ্যক্ৰমৰ বাবে উপযুক্ত । আবেদনকাৰী প্ৰাৰ্থীগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰা বা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থানৰ যিকোনো এটা স্থানপ্ৰাপ্ত হ’ব লাগিব । উদাহৰণ স্বৰূপে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিৰ্বাচিত কৰা ৰাষ্ট্ৰীয় দল (জুনিয়ৰ আৰু ছিনিয়ৰ) ৰ সদস্য হ’লে এই পাঠ্যক্ৰমৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হ’ব ।”

এই পাঠ্যক্ৰমৰ সবিশেষ তথ্য বিশ্ববিদ্যালয়ৰ ৱেবচাইট www.cottonuniversity.ac.in ত উপলব্ধ হ’ব ।

You might also like