নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী এক দম্পতীক গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, ২৫এপ্ৰিলঃ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে। আজিও সন্ধিয়া প্ৰায় ৭.৩০ বজাত নগাঁও আৰক্ষীৰ এটা দলে চহৰখনৰ পাৰ্শ্বৱৰ্তী কাটিমাৰী গ্ৰান্টত অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী দম্পতীক গ্ৰেপ্তাৰ কৰে।ধৃত দম্পতীটোৰ নাম জামালুদ্দিন আৰু সুশমা বেগম। তেওঁলোকৰ হাতৰ পৰা তিনিটা চাবোন বাকচভৰ্তি ড্ৰাগছ জব্দ কৰা হৈছে।এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি এই অভিযান চলাইছিল নগাঁও সদৰ থানাৰ টি এছ আই অচ্যুত কৃষ্ণ ফুকনৰ নেতৃত্বত এটা আৰক্ষীৰ দলে। সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰী দম্পতীটোক নগাঁও সদৰ থানাত জেৰা চলাই থকা হৈছে ।
প্ৰেৰক কনক হাজৰিকা