COVID-19ত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন অসমৰ ১০জনকৈ লোক
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ COVID-19ত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন অসমৰ ১০জনকৈ লোক। ইয়াৰে ৭জন CRPF জোৱান। আক্ৰান্ত আটাইকেইজন জোৱানেই ৩১নং বেটেলিয়নত কৰ্মৰত আৰু আন ৩জন কৰ্কট ৰোগী।
বেটেলিয়নটোৰ প্ৰায় ৩০জন বিষয়া-জোৱান আক্ৰান্ত হৈছে COVID-19ত। ইতিমধ্য়ে ছীল কৰা হৈছে বেটেলিয়নটো আৰু কোৱাৰেণ্টাইনত ৰখা হৈছে আটাইকেইজন জোৱানক। আক্ৰান্তসকল হৈছে কামৰূপৰ কমলপুৰ আঠীয়াবৈৰ কুমুদ কলিতা,ৰৌতাৰ ৰণবীৰ লিম্বু, তিনিচুকীয়াৰ কোষেশ্বৰ বৰুৱা, লখিমপুৰৰ দেবজিত বৰুৱা
আনহাতে ইক্ৰামূল হুছেইন নামৰ আন এজন জোৱানৰ ইতিমধ্যে মৃত্যু হৈছে আৰু দিল্লীতেই জানাজা সম্পন্ন কৰা হৈছে লোকজনৰ। দিল্লীত উপযুক্ত চিকিৎসা নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। শীঘ্ৰে অসমলৈ আনি উন্নত চিকিৎসা কৰাৰো দাবী পৰিয়ালৰ লোকৰ।