নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম পালেহি অতি ভয়ংকৰ ডাবল মিউটেণ্ট কোভিড

ডিব্ৰুগড়ত ধৰা পৰিছে ডাবল মিউটেণ্ট কোভিড ৰোগী

নিয়মীয়া বাৰ্তা ২২ এপ্ৰিলঃ  আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিব্ৰুগড় বিমান বন্দৰত ইণ্ডিয়ান ডাবল মিউটেণ্ট কভিড  ধৰা পৰিছে। এই ডাবল মিউটেণ্টো খুব সোনকালে বিয়পে। ই যথেষ্ট ভয়াৱহ। যাক  B.1.617 বুলি কোৱা হয়। যাৰ বাবে ৰাইজক কোভিডৰ ওপৰত বেছি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। কাৰণ ই বেছি ভয়াৱহ। অসমত ইউকে ষ্টেইন আহিছিল আজি ডাবল মিউটেণ্ট ধৰা পেলাইছে। গতিকে সতৰ্কতা থাকিবই লাগিব ৰাইজ সকতৰ্ক থাকিবই লাগিব। তাৰ কোনো বিকল্প নাই। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই ডাবল ষ্টেইনৰ সৃষ্টি হৈছিল মহাৰাষ্ট্ৰত। ইউকে আৰু কেলিফৰ্ণিয়াৰ ষ্টেইন লগ লাগি এই ডাবল ষ্টেইন হৈছে।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে  অসমত অক্সিজেন যোগান ঠিক আছে, আই চিউ ঠিক আছে। যদি ৰোগী অসংখ্য হয় তেতিয়া সেইবোৰৰ নাটনি হ’ব। বৰ্তমানলৈকে আমাৰ কোনো নাটনি নাই। ধীৰেণ পাৰা হাস্পতাল কোভিডলৈ ৰূপান্তৰিত হৈছে, লগতে গুৱাহাটীৰ বিভিন্ন হাস্পাতল কোভিড ৰোগীৰ বাবে, সৰুসজাইত কভিড চেণ্টাৰ, খানাপাৰাত ১০০ কভিড আইচিইউ নিৰ্মাণ কৰা হ’ব। গতিকে ৰোগীক বিমুখ কৰিবলগীয়া হোৱা নাই।

আনহাতে হোটেলত কভিড ৰোগী থাকিলে চিকিতসাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব কিন্তু তাত থকা খোৱা বোৱা ৰোগীজনৰ নিজৰ হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে পুনৰ লকডাউন নহব বুলি কয়। আৰু প্ৰয়োজন হলে sopহে বদলি হ’ব।

You might also like