নিয়মীয়া বাৰ্তা, ১জুলাইঃ Indian Council for Medical Research (ICMR)ৰ পৰামৰ্শ মতে ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড টেষ্টক লৈ এক নতুন সংযোজন আৰম্ভ কৰিছে।
আজি এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি স্বোৱাব টেষ্টৰ বাবে Q COVID-19 AG টেষ্ট নামৰ এক নতুন মডেল আৰম্ভ কৰিছো। এই মডেলৰ দ্বাৰা আমি এঘণ্টাৰ ভিতৰত ক’ভিড টেষ্টৰ ফলাফল দিব পাৰিম। অতি জৰুৰী হ’লে ১৫ মিনিটৰ ভিতৰতো ফলাফল পাম। স্বাস্থ্য বিভাগৰ কৰ্মীৰ প্ৰশিক্ষণ দিয়াৰ পাছতে আৰম্ভ হ’ব এই সেৱা। ৩ জুলাইৰ পৰা এই সেৱা আৰম্ভ হোৱা কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীয়ে। ক’ভিডক লৈ হোৱা এই যুদ্ধত ই এক যোগাত্মক দিশ।
গুৱাহাটীত বৃদ্ধি পোৱা ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে সকলোকে চিন্তিত কৰি তুলিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত এই মডেল শীঘ্ৰে আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।