ৰাজ্যত নতুনকৈ আক্রান্ত ৬,৫৭৩গৰাকী: মৃত্যু ৭৪জনৰ
নিয়মীয়া বাৰ্তা, ২১ মে: ক’ভিড সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে ৰাজ্যত নমুনা পৰীক্ষাৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে৷ বৃহস্পতিবাৰে ৰাজ্যত মুঠ ১,০২,৬৮৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ নতুনকৈ আক্রান্ত ৬,৫৭৩জন ৰোগী বৃহস্পতিবাৰে চিনাক্ত হয়৷ ৰাজ্যত বিগত তিনি দিন ধৰি স্থিতাৱস্থাতেই আছে আক্রান্তৰ হাৰ৷
বৃহস্পতিবাৰৰ দিনটোত আক্রান্তৰ হাৰ হৈছে ৬.৪০ শতাংশ৷ নতুনকৈ আক্রান্ত হোৱাসকলৰ ভিতৰত ১,০৮৪জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি ডিব্রুগড়ত ৪৯০জন, নগাঁৱত ৪৭৭জন আৰু কামৰূপ জিলাত ৪৩২জন লোক আক্রান্ত হৈছে ক’ভিডত৷ কালি ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭৪জন৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ১০জন কামৰূপ মহানগৰ জিলাৰ৷ একে সময়তে বৰপেটাৰ ৯জন, কামৰূপৰ ৮জন, ডিব্রুগড়–গোৱালপাৰাত ৭জনকৈ, নগাঁৱৰ ৫জন, তিনিচুকীয়াৰ ৪জন, দৰং–শিৱসাগৰৰ ৩জনকৈ, বঙাইগাঁও–কাছাৰ–গোলঘাটত দুজনকৈ আৰু বাক্সা–বিশ্বনাথ–চিৰাঙত এজনকৈ লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ ইয়াকে ধৰি ৰাজ্যত বর্তমানলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২,৫০৭জন৷
কালি ক’ভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এ চি এছ বিষয়া ধীমান কুমাৰ চৌধুৰীয়ে৷ বিগত ১০ দিন ধৰি তেওঁ আইচিইউত চিকিৎসাধীন হৈ আছিল৷ অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগৰ সঞ্চালক হিচাপে কর্মৰত হৈ আছিল চৌধুৰী৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ৷
ইফালে অইল ইণ্ডিয়া লিমিটেডৰ পৰিবহণ বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী তথা সমাজকর্মী ভাৰত বৰাৰ আজি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৃত্যু হয়৷ অৱশ্যে আক্রান্তৰ হাৰ আশাব্যঞ্জকভাৱে হ্রাস নাপালেও ৰাজ্যত প্রতিদিনে সুস্থ হৈ উঠিছে বৃহৎসংখ্যক লোক৷ বৃহস্পতিবাৰৰ দিনটোত ৩,০৭১জন ৰোগী সুস্থ হৈছে৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫১,৮১৮জন৷
উল্লেখ্য যে ক’ভিডৰ সংক্রমণ হ্রাস কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ, সকলো চৰকাৰী–বেচৰকাৰী কার্যালয় বন্ধ ঘোষণাকে ধৰি একাধিক নিয়ম ৰাজ্যত বলৱৎ কৰা হৈছে৷ ইয়াৰ সমান্তৰালকৈ কাইলৈৰ পৰা ১৫ দিনৰ বাবে বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়াত৷ জৰুৰীকালীন সেৱা, অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱা বাহন, চিকিৎসা সম্পর্কীয় সেৱাকে ধৰি কিছুসংখ্যক সেৱাৰ বাহিৰে এই সময়ছোৱাত আন সকলো ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকিব৷