ক’ভিডত নতুনকৈ আক্রান্ত ৭১৩
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰাজ্যত ক্রমাৎ ক’ভিড পৰিস্থিতি উন্নত হ’লেও অব্যাহত আছে সংক্রমণ৷ বৃহস্পতিবাৰে পুনৰ নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৭১৩জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৩৬জন লোক কামৰূপ মহানগৰ জিলাৰ৷
বৃহস্পতিবাৰে মুঠ ৯৬,২০০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৭৪ শতাংশ৷ ইপিনে, আজি ক’ভিডত প্রাণ হেৰুৱাইছে ১০জন লোকে৷ সুস্থতাৰ হাৰ ৯৭.৬৩ শতাংশ৷
উল্লেখ্য যে কালিপর্যন্ত ৰাজ্যত ১,৪৯,৬৯,৯৯৫জন লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ১,২৩,৫৮,৬৯০জন লোকে প্রথম পালি আৰু ২৬,১১,৩০৫জন লোকে ভেকচিনৰ দুয়োটা পালি লাভ কৰিছে৷