ৰাজ্যত ক’ৰোনা আক্রান্ত সংখ্যা ৩১,০৮৬লৈ বৃদ্ধি
নিয়মীয়া বার্তা, ২৬ জুলাইঃ ৰাজ্যখনত ক’ৰোনাত আক্রান্তৰ সংখ্যা ৩১,০৮৬গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি দিনটোত নতুনকৈ ১,১৬৫গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আজি আক্রান্ত হোৱাসকলৰ ভিতৰত ৩৫৩গৰাকী গুৱাহাটী মহানগৰীৰ৷ সেইদৰে গোলাঘাট জিলাত ১০০গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত আক্রান্তৰ সংখ্যা ৩১,০৮৬গৰাকীলৈ বৃদ্ধি পায়৷ আনহাতে দিনটোত সুস্থ হৈ ১,২৯৪গৰাকীয়ে হাস্পতালৰ পৰা ৰিলিজ লাভ কৰে৷
ইয়াৰ ফলত সুস্থ হৈ উঠা মুঠ লোকৰ সংখ্যা হৈছে২৩,০৫৫৷ বর্তমান বিভিন্ন চিকিৎসালয়ত মুঠ ৭,৯৫১গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ইপিনে, নগাঁৱৰ ৰঞ্জিত বৈদ্য (৬৫) নামৰ ক’ভিড আক্রান্ত লোক এজনৰ মৃত্যু হয়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে লোকজনৰ মৃত্যু হয়৷ বৈদ্যৰ বিয়োগত স্বাস্থ্যমন্ত্রী ড০ শর্মাই শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমৱেদনা জ্ঞাপন কৰে৷
ইফালে, অসম আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি আজিৰ দিনটোলৈকে অসম আৰক্ষীৰ ১,১১৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ৮৪৫গৰাকী ইতিমধ্যে সুস্থ হৈ হাস্পতালৰ পৰা ৰিলিজ লাভ কৰিছে৷