পুনৰ ৩৯ জনৰ দেহত ক’ভিড পজিটিভ; আক্ৰান্ত লোকৰ সংখ্যা ৪৬৬ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৫ মে’: ৰাজ্যত নতুনকৈ ৩৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৩৫ গৰাকী গোলাঘাটৰ, ৩ গৰাকী ধেমাজীৰ, আৰু এগৰাকী নগাঁৱৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৪৬৬ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৪০২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷