নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

COVID-19 ভেলাঘৰঃ অসমৰ ভেলাঘৰত খোদিত হ’ল ক’ৰোনা…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ জাতিৰ বাপতিসাহোন হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইদিনমান বাকী অৱস্থাত স্বাভাৱিকভাৱে প্ৰতিজন অসমীয়াৰ মাজত ভোগালীৰ উচাহ দেখিবলৈ পোৱা গৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। নিৰ্মাণ হৈছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ। সেইদৰে বিগত আঠ বছৰৰ দৰে এই বছৰো নগাঁও জিলাৰ ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতি নামৰ শিল্পীগৰাকীৰ সুকোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছে এক ব্যতিক্ৰমী ভেলাঘৰ।

সমগ্ৰ পৃথিৱী শংকিত কৰি তোলা মহামাৰী ক’ৰোনাৰ পৰা পৃথিৱীখনক উদ্ধাৰৰ বাবে এক সজাগতাৰ লক্ষ্যৰে নতুন আৰ্হিৰে শিল্পী  ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰি উলিয়াইছে এক ভেলাঘৰ। বিগত বছৰৰ ডিচেম্বৰ মাহৰ ৭ তাৰিখৰ পৰা কাম আৰম্ভ কৰা ভগৱান সেনাপতিয়ে  সমাপ্ত কৰিলে ভেলাঘৰটোৰ কাম।

উল্লেখ্য যে নিজৰ পকেটৰ আৰু স্থানীয় ৰাইজৰ সহায়-সহযোগিতাৰে বিগত ২০১৩ চনত সাজি উলিয়াইছিল “ৰংঘৰ” আকৃতিৰ ভেলাঘৰ। সেইদৰে ২০১৪ চনত “টাইটানিক” জাহাজ; ২০১৫ চনত “বীনা”;  ২০১৬ চনত  “ঈগল পৃথিৱী”;  ২০১৭ চনত “শান্তিৰ কপৌ”;  ২০১৮ চনত “অসম গৌৰৱ গঁড়”, ২০১৯ চনত “গঁড় বচাওক অসমৰ মান বচাওক”, ২০২০ চনত “প্ৰকৃতি সুৰক্ষা” আৰু চলিত ২০২১ বৰ্ষত “মহামাৰী কৰোনাৰ পৰা পৃথিৱীক ৰক্ষা কৰক” শ্লোগানেৰে প্ৰতীকীভাৱে নিৰ্মাণ কৰিছে ভেলাঘৰ।

 উল্লেখ্য যে অদম্য উৎসাহী আৰু সৃজনীশীল চিন্তাৰে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰা শিল্পী ভগৱান সেনাপতিয়ে স্থানীয় লোকৰ সহযোগিতাৰ লগতে নিজৰ সামান্য উপাৰ্জনৰ ভৰসা এখন গেলামালৰ দোকানৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰতি বছৰে অভিনৱ ভেলাঘৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰি আহিছিল যদিও এইবাৰ নিজৰ হাঁহৰ ফাৰ্মৰ পৰা হাঁহ বিক্ৰী কৰাৰ লগতে লগতে পুখুৰীৰ মাছ বিক্ৰী কৰি নিৰ্মাণ কৰিছে এই  ব্যতিক্ৰমী ভেলাঘৰ।

You might also like