ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত ১,০৬৫
নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ ক্রমাৎ ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হ’লেও সংক্রমণ এতিয়াও অব্যাহত আছে৷ বুধবাৰৰ দিনটোত ৰাজ্যত ১,০৬৫জন লোক নতুনকৈ আক্রান্ত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ০.৮৯ শতাংশ৷
আক্রান্ত হোৱাসকলৰ ১৮১জন কামৰূপ মহানগৰ জিলাৰ, ৬৩জন বৰপেটা জিলাৰ, ৭১জন লখিমপুৰ জিলাৰ আৰু ৫৬জন নলবাৰী জিলাৰ৷ আনহাতে, বুধবাৰে ক’ৰোনাত আক্রান্ত হৈ ১৯জন লোকৰ মৃত্যু ঘটিছে৷ মৃত্যু হোৱাসকলৰ ভিতৰত ৪জন যোৰহাট জিলাৰ, ৩জন কার্বি আংলং জিলাৰ, ২জনকৈ বাক্সা, ডিব্রুগড়, তিনিচুকীয়া জিলাৰ এজনকৈ কাছাৰ, গোলাঘাট, কামৰূপ মহানগৰ, কোকৰাঝাৰ আৰু লখিমপুৰ জিলাৰ৷
ক’ভিডত মৃত্যু হোৱা ১৯জন লোকৰ সৈতে ৰাজ্যত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩২৬জনলৈ বৃদ্ধি পালে৷ উল্লেখ্য যে বুধবাৰৰ দিনটোত ১,১৯,১৮৮জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ ইয়াৰে ১,০৬৫জন পজিটিভ ৰূপে চিনাক্ত হয়৷ অৱশ্যে বুধবাৰে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ১,২৬৩জন লোক ক’ভিডমুক্ত হৈ ঘৰলৈ উভতিছে৷ এতিয়াও ক’ৰোনাত আক্রান্ত হৈ আছে ১০,৮৭৬জন লোক৷