বুধবাৰে অসমত ক’ভিড–১৯ত আক্রান্ত ৪২৭ মৃত্যু চাৰিজনৰ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নত হৈছে যদিও সংক্রমণ এতিয়াও অব্যাহত আছে৷ বুধবাৰৰ দিনটোত ৰাজ্যখনৰ ৪২৭গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ সেইদৰে ক’ভিডত আক্রান্ত হৈ বুধবাৰে চাৰিগৰাকী লোকৰ মৃত্যু ঘটে৷
ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি বুধবাৰে অসমৰ মুঠ ৬৫,২৫৬গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ৪২৭গৰাকীৰ দেহৰ ক’ভিড পজিটিভ ধৰা পৰে৷ বুধবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১০১গৰাকী, যোৰহাট জিলাৰ ৩৮গৰাকী, ডিব্রুগড় জিলাৰ ২২গৰাকী, লখিমপুৰ জিলাৰ ২১গৰাকী৷ দিনটোত আক্রান্তৰ হাৰ ০.৬৫ শতাংশ৷
আনহাতে, বুধবাৰে ক’ভিডত আক্রান্ত হৈ বিশ্বনাথ, কাছাৰ, ডিব্রুগড় আৰু শোণিতপুৰ জিলাত এগৰাকীকৈ মুঠ ৪গৰাকী লোকৰ মৃত্যু হয়৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৫৮২গৰাকী লোকক বুধবাৰে হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷