শনিবাৰে অসমত নতুনকৈ আক্রান্ত ৫,৩৪৭, মৃত্যু ৬৩জনৰ
নিয়মীয়া বাৰ্তা, ১৬ মে’: অসমত ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ৬৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ ৫,৩৪৭গৰাকী লোক আক্রান্ত হৈছে৷
ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি, শনিবাৰে অসমত মুঠ ৬৪,৭০১গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ৫,৩৪৭গৰাকীৰ দেহত পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ৮.২৬ শতাংশ৷ শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত গুৱাহাটীৰ ১,০১২গৰাকী, কামৰূপৰ ৪২৪গৰাকী, নগাঁৱৰ ৩৪৩গৰাকী আৰু শোণিতপুৰৰ ২৯১গৰাকী লোক আছে৷
আনহাতে, শনিবাৰে মৃত্যুমুখত পৰা ৬৩গৰাকী লোকৰ ভিতৰত ২১গৰাকী গুৱাহাটীৰ, ৫গৰাকীকৈ কাছাৰ আৰু ডিব্রুগড়ৰ, তিনিগৰাকীকৈ বঙাইগাঁও, কামৰূপ, কার্বি আংলঙৰ, দুগৰাকীকৈ বৰপেটা, দৰং, গোৱালপাৰা, গোলাঘাট, নলবাৰী, শোণিতপুৰৰ আৰু এগৰাকীকৈ ধেমাজি, ধুবুৰী, হোজাই, যোৰহাট, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, দক্ষিণ শালমাৰা আৰু তিনিচুকীয়াৰ৷
আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ৩,২৫৪গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ৪৪,০০৮গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ ইফালে অসম আন্দোলনৰ অগ্রণী নেতা, বিশিষ্ট শিক্ষাবিদ তথা পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ভূপেন্দ্র কুমাৰ বার্মাৰ শনিবাৰে সন্ধিয়া ৭.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ তেওঁ ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ৷ প্রয়াত বার্মা আজীৱন অসম সাহিত্য সভাৰ লগত জডিত আছিল৷ অসম সাহিত্য সভাৰ এশ বছৰীয়া উদ্যাপনৰ অর্থে উত্তোলন কৰা এশখন পতাকাৰ এখন পতাকা তেওঁ শিৱসাগৰত উত্তোলন কৰিছিল৷ তেওঁৰ শেষকৃত্য আজি ক’ভিড নীতি–নিয়ম অনুসৰি সম্পন্ন কৰা হ’ব৷