ৰাজ্যত ক’ৰোনাৰ কালৰূপ একেদিনাই প্রাণহানি ১৮জন লোকৰ
৫ শতাংশ আক্রান্তৰ হাৰেৰে মঙলবাৰে পজিটিভ ৩,১৩২
নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ ৰাজ্যৰ পৰিৱেশ অধিক ভয়াৱহ কৰি ক’ৰোনা সংক্রমণ প্রতিদিনে বৃদ্ধি পাবলৈ লৈছে৷ মঙলবাৰে দিনটোত ৩,১৩২জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ উল্লেখ্য যে আজি মুঠ ৬২,৬২৮জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল৷ এইসকলৰ ভিতৰত ৩,১৩২জন পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৫ শতাংশ৷ ৰাজ্যত ক’ভিড পজিটিভৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈছে৷ মঙলবাৰে দিনটোত ১৮জন লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে৷ ইয়াৰে কামৰূপ মহানগৰ জিলাৰ ৫জন, বৰপেটা জিলাৰ এজন, কামৰূপ জিলাৰ এজন, কাছাৰ জিলাৰ দুজন, বঙাইগাঁও জিলাৰ এজন, কৰিমগঞ্জ জিলাৰ এজন, গোৱালপাৰা জিলাৰ দুজন আৰু হোজাই জিলাৰ এজন লোক আছে৷ ইফালে আজি আক্রান্তৰ সংখ্যাৰে শীর্ষত আছে কামৰূপ মহানগৰ জিলা৷ গুৱাহাটীত মঙলবাৰে দিনটোত আক্রান্ত হৈছে ১,৩১৩জন৷ আক্রান্তৰ দ্বিতীয় স্থানত আছে ডিব্রুগড় জিলা৷ জিলাখনৰ আজিৰ দিনটোৰ আক্রান্তৰ সংখ্যা হ’ল ২২৮জন৷ আনহাতে, কামৰূপ জিলাৰ ১৯৭জন আৰু যোৰহাট জিলাত আজিৰ দিনটোত আক্রান্ত হৈছে ১২৭জন৷ আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে আজিৰ দিনটোত ক’ৰোনামুক্ত হৈছে ৯৫৫জন লোক৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ১৯,৯৩২জন ক’ৰোনা আক্রান্ত লোক৷
হোজাইত পুনৰ ক’ভিড ৰোগীৰ মৃত্যু
কালি নিশা ক’ভিডত আক্রান্ত হৈ গুৱাহাটীৰ দিছপুৰ হাস্পতালত মৃত্যুক সাবটি লয় হোজাইৰ নীলবাগান সাপ্তাহিক বজাৰৰ আব্দুল্লা আহমেদে৷ প্রায় ৫২ বছৰীয়া আব্দুল্লা আহমেদ এসপ্তাহ পূর্বে দিল্লীৰ পৰা বিমানযোগে নিজৰ গৃহলৈ আহিছিল৷ কিন্তু বহিঃৰাজ্যৰ পৰা আহি ক’ভিড পৰীক্ষা নকৰাকৈয়ে তেওঁ নিজ গৃহতে আছিল৷ দুদিনমানৰ পৰা প্রচণ্ড জ্বৰ, চর্দি, কাহ আৰু শ্বাস–প্রশ্বাসৰ কষ্টত ভুগি তেওঁ প্রথমে হোজাইৰ হাম হাস্পতালত চিকিৎসাধীন হয়৷ কিন্তু পাছত হাম হাস্পতালৰ পৰা তেওঁক সংকটজনক অৱস্থাত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হয় আৰু কালি নিশা এক বজাত গুৱাহাটীত মৃত্যুক আঁকোৱালি লয়৷ ইফালে হোজাই স্বাস্থ্য বিভাগে আব্দুল্লা আহমেদৰ পৰিয়ালৰ সকলোৰে ক’ভিড–১৯ পৰীক্ষা কৰে যদিও পৰিয়ালৰ সদস্যসকলৰ নিগেটিভ ধৰা পৰে৷ ইফালে, আজি স্বাস্থ্য বিভাগে কৰা ১,২৩৭টা পৰীক্ষাত ৩৮জনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইয়াকে লৈ হোজাইত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৪৪৪জনলৈ বৃদ্ধি হয়৷
ক’ৰোনাত ৰঙাপৰাৰ প্রাক্তন আছু কম্ৰ বহিঃৰাজ্যত মৃত্যু
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সৰবৰহী ব্যক্তি, প্রাক্তন আছু কম্ তথা বিদেশী বিতাড়ন আন্দোলনৰ সৈতে সক্রিয়ভাৱে জডিত থকা নিত্য বৰাৰ কালি বহিঃৰাজ্যত মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ ৰঙাপৰাৰ নামনি গাঁৱৰ বাসিন্দা প্রয়াত মহেন্দ্র বৰা আৰু প্রয়াত ভৱানী বৰাৰ দ্বিতীয় পুত্র নিত্য বৰাই ডচ্চ শিক্ষা সাং কৰি কর্মসূত্রে প্রায় ২০ বছৰ পূর্বে ৰঙাপৰাৰ পৰা গুজৰাটলৈ ঢ়াপলি মেলিছিল৷ গুজৰাটৰ এটা প্লাইব’ড নির্মাণ কোম্পানীত তেওঁ মৃত্যুৰ আগলৈকে ছাপ্লাই মেনেজাৰ হিচাপে কর্মৰত হৈ আছিল৷ ডচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্রান্ত হৈ থকা নিত্য বৰাসহ পৰিয়ালটো বিহুৰ পূর্বে ক’ৰোনাত আক্রান্ত হৈছিল৷ পাছত পৰিয়ালটোৰ আন সকলো সদস্যই আৰোগ্য লাভ কৰিছিল যদিও যোৱা ২৫ এপ্রিলত বৰা হঠাৎ অসুস্থ হৈ পৰাত তেওঁৰ পত্নীয়ে লগে লগে গুজৰাটৰ গান্ধীধামত থকা ভুজ হাস্পতালত ভর্তি কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাত কালি নিশা মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে৷ ইফালে চিকিৎসকে নিত্য বৰা ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰাত সংশ্লিষ্ট কর্তৃপক্ষই মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়াৰ পৰিৱর্তে নিজাববীয়াকৈ সৎকাৰৰ ব্যৱস্থা কৰে৷ নিত্য বৰাই মৃত্যুৰ সময়ত পত্নী, দুই কন্যা আৰু একমাত্র পুত্র সন্তান ইহসংসাৰত এৰি থৈ যায়৷
লামডিঙত ক’ভিড আক্রান্ত হৈ ৩৬ বছৰীয়া মহিলাৰ মৃত্যু
ৰে’ল নগৰী লামডিঙত ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যা দিনকদিনে ভয়াৱহ ৰূপে বৃদ্ধি পাই আছে৷ তাৰ মাজতেই আজি পুৱতিনিশা লামডিং বাবুপট্টিৰ শিখা দে’ নামৰ এগৰাকী বোৱাৰীৰ মৃত্যু হয়৷ মৃত শিখা দে’ৰ বয়স মাত্র ৩৬ বছৰ বুলি জানিব পৰা গৈছে৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যোৱা দুদিন ধৰি মহিলাগৰাকী ক’ৰোনাত আক্রান্ত হৈ নিজ গৃহতে আইছ’লেচনত আছিল৷ হঠাৎ কালি নিশা স্বাস্থ্যৰ অৱনতি ঘটাত ৰে’লৱে চিকিৎসালয়লৈ অনাৰ সময়তে চিকিৎসালয়তে মহিলাগৰাকীৰ মৃত্যু ঘটে৷ আনফালে মৃত শিখা দে’ৰ স্বামীও ক’ৰোনা পজিটিভ বুলি জানিব পৰা গৈছে৷ হোজাই জিলাখনৰ ভিতৰত কেৱল লামডিঙতেই ১৫৮জন লোক বর্তমানলৈ ক’ৰোনাত আক্রান্ত হৈছে৷ তদুপৰি লামডিঙত ক’ভিডত মৃত্যুৰ সংখ্যা ৪জনলৈ বৃদ্ধি পালে৷ আনফালে লামডিঙত ক’ভিড ভেকচিন প্রদান কৰাৰ সময়ত ক’ভিড প্রট’কল ভংগ কৰা পৰিলক্ষিত হয়৷ আজি লামডিঙত ক’ভিড ভেকচিন চেণ্টাৰত দুপৰীয়া এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ পুৱাৰে পৰা শাৰী পাতি ভেকচিন লাভ নকৰাত উত্তেজিত হৈ পৰে একাংশ লোক৷ ইফালে ভেকচিনেচন চেণ্টাৰত নাই কোনো ধৰণৰ সামাজিক দূৰত্ব তথা মানি চলা হোৱা নাই ক’ভিড প্রট’কল৷ লামডিঙত ভেকচিন প্রদানৰ বাবে কালীবাডীৰ আজাদ হিন্দ পাব্লিক লাইব্রেৰীত আজি ভেকচিনেচন কেন্দ্র স্থাপন কৰা হৈছিল৷ উক্ত কেন্দ্রটোত পুৱাৰ পৰা শাৰী পাতি ৰৈ থকা লোকসকলে ভেকচিন লাভ নকৰাত এই পৰিস্থিতি সৃষ্টি হয়৷ ৰাইজৰ অভিযোগ কোনো নীতি–নিয়ম নামানি কেন্দ্রটো চলোৱা হৈছে৷
বহিঃৰাজ্যত টাটা ষ্টীল কোম্পানীত কর্মৰত অসমৰ যুৱকৰ ক’ভিডত মৃত্যু
জামছেদপুৰস্থিত টাটা ষ্টীল কোম্পানীত কর্মৰত অসমৰ ডিগবৈৰ এজন যুৱকৰ মৃত্যুৰ বাতৰিয়ে ডিগবৈবাসীক মর্মাহত কৰি তুলিছে৷ তৈলনগৰী ডিগবৈৰ মাষ্টৰপাৰা নিৱাসী ৰামানন্দ যাদৱৰ জ্যেষ্ঠ পুত্র ৰৌশন যাদৱ (৪৬) ১৫ এপ্রিলত ক’ৰোনাত আক্রান্ত হৈ জামছেদপুৰৰ টাটা মুখ্য হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ ১৭ এপ্রিলৰ সন্ধিয়া হঠাৎ ৰৌশনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ভেণ্টিলেচনত ৰখা হৈছিল যদিও কালি নিশা প্রায় ৯.৪০ বজাত চিকিৎসকে ৰৌশনৰ মৃত্যু হোৱা বুলি পৰিয়ালবর্গক অৱগত কৰে৷ মৃত্যুৰ সময়ত ৰৌশনৰ ক’ভিড টেষ্ট ৰিপ’ট নিগেটিভ পোৱা গৈছিল৷ ক’ভিডত আক্রান্ত হৈ জামছেদপুৰত মৃত্যুবৰণ কৰা ৰৌশন ভাৰতবর্ষৰ সর্ববৃহৎ তীখা প্রস্তুতকাৰী টাটা ষ্টীল কোম্পানীত মানৱ কল্যাণ বিভাগৰ জ্যেষ্ঠ প্রবন্ধক হিচাপে কর্মৰত হৈ আছিল৷ মৃত্যুৰ সময়ত ৰৌশনে পত্নীসহ এজন পুত্র আৰু এগৰাকী তিনিবছৰীয়া কন্যা, মাতৃ–পিতৃ, দুজন ভাতৃ আৰু বহু আত্মীয়–কুটুম্বক ইহসংসাৰত এৰি থৈ যায়৷ জামছেদপুৰতেই আজি ৰৌশনৰ মৃতদেহ সৎকাৰ কৰা হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷
অৱসৰপ্রাপ্ত শিক্ষক দেৱ কুমাৰ কলিতাৰ ক’ভিডত মৃত্যুঃ হালোগাঁৱত শোকৰ ছাঁ
কামৰূপ জিলাৰ হাজো ৰাজহ চক্রৰ অন্তর্গত হালোগাঁও নিৱাসী বিশিষ্ট সমাজকর্মী তথা হালোগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষক দেৱ কুমাৰ কলিতাই আজি বিয়লি পাঁচ বজাত ক’ভিডত আক্রান্ত হৈ উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ৷ জানিব পৰা মতে, মধুমেহ আৰু বৃক্ক ৰোগত আক্রান্ত হৈ ঘৰতে চিকিৎসা কৰি থকা প্রয়াত দেৱ কুমাৰ কলিতা কালি নিশা প্রায় আঠ বজাত হঠাত অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ উত্তৰ গুৱাহাটীৰ জি এন আৰ চিত ভর্তি কৰোৱাত পৰীক্ষা কৰোঁতে তেওঁ ক’ভিডত আক্রান্ত হোৱাটো ধৰা পৰে৷ মৃত্যুৰ সময়ত তেওঁ পুত্র–বোৱাৰী, জী–জেজাৱাই, নাতি–নাতিনীক ইহসংসাৰত এৰি থৈ যায়৷