নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মাক চাবলৈ নাপালোঁ৷ আৰু কেতিয়াও মা নাহে” চাৰি বছৰে পুত্রৰ মুখ নেদেখাকৈ মৃত্যু হ’ল মাতৃৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ  ‘মাক চাবলৈ নাপালোঁ৷ আৰু কেতিয়াও মা নাহে, কেতিয়াও দেখা নাপাম৷ অকণমান আগতে যাবলৈ দিলে মুখখন দেখা পালোঁহেঁতেন৷’ মাতৃক হেৰুৱাই শোকবিহ্বল হৈ মঙলবাৰে এইদৰে ক’লে পুত্র পূর্ণেশ্বৰ দৈমাৰীয়ে৷

সুদূৰ পুনেৰ কুৰুলীৰ পৰা ক’ভিড–১৯ সংক্রমণ ৰোধৰ বাবে দেশজুৰি পালন কৰা লকডাউনত খাদ্য তথা আর্থিক সংকটত ভুগি নিজ ঘৰলৈ বুলি ৰঙাপৰা থানাৰ অন্তর্গত ১নং উৰহীলগা নিৱাসী নৱকান্ত দৈমাৰীৰ পুত্র পূর্ণেশ্বৰে নিজ ঘৰলৈ আহিছিল চাৰি বছৰৰ পিছত৷ পুনেৰ টাকানত আইচক্রীম উদ্যোগত কাম কৰা ২৩ বছৰীয়া যুৱকজনে আন ১৪জন সতীর্থৰ স’তে ৪,২০০ টকাৰে ক্রয় কৰা চাইকেলেৰে ১৬ দিনৰ অন্তত আহি অসম–বংগ সীমান্তৰ শ্রীৰামপুৰত উপস্থিত হয়৷

যাত্রাৰ পথত বিভিন্ন ঠাইত আগবঢ়োৱা খাদ্য গ্রহণ কৰাৰ উপৰি নিশা বন্ধ হৈ থকা দোকান, জিৰণিচ’ৰাত আশ্রয় গ্রহণ কৰি আপোন ঘৰলৈ বুলি বাট বুলিছিল৷ এই দলটি আহি শ্রীৰামপুৰত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে বাছেৰে তেজপুৰ বিশ্ববিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্রলৈ পঠিয়াই দিয়ে৷ স্বাস্থ্য বিভাগে প্রয়োজনীয় স্বাস্থ্য পৰীক্ষাৰ নমুনা সংগ্রহ কৰি ৰঙাপৰা মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন শিবিৰলৈ পঠিয়ায়৷ এই শিবিৰত যোৱা ৬ দিন থকাৰ পিছত নিজ গাঁৱতে স্থাপন কৰা উৰহীলগা স্কুলত পুনৰ ১৪ দিন কোৱাৰেণ্টাইন কৰি ৰাখে৷

উল্লেখ্য যে সোমবাৰে পুৱা উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ মাতৃ ফুলৈ দৈমাৰীয়ে মৃত্যুক সাবটি লয়৷ মাতৃৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতো স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনাৰ বাবে কোৱাৰেণ্টাইন শিবিৰৰ পৰা ওলাই যাব নোৱাৰাত মাতৃৰ অন্তিম সৎকাৰৰ পৰা বঞ্চিত হয়৷ পাঁচগৰাকী ভাই–ভনীৰে পৰিয়ালটিৰ দুই জ্যেষ্ঠ ভগ্ণী বিবাহ হোৱাৰ বিপৰীতে এগৰাকী ভাতৃ আৰু ভগ্ণী সম্প্রতি দেউতাকৰ সৈতে আছে৷ ইফালে মাতৃয়ে পুত্র অহাৰ খবৰ লাভ কৰাৰ পিছত চাবলৈ উদগ্রীৱ হৈ থকাৰ লগতে মহামাৰীৰ বাবে শংকিত হৈ পৰা সহজ–সৰল মাতৃয়ে অধিক চিন্তিত হৈ অৱশেষত পুত্রৰ মুখ নেদেখাকৈয়ে চিৰজীৱনৰ বাবে বিদায় মাগে৷ সম্প্রতি কোৱাৰেণ্টাইনত থকা পূর্ণেশ্বৰে মাতৃৰ ক্রিয়া–কর্মৰ পৰাও বঞ্চিত হোৱাৰ আশংকাত সময় অতিবাহিত কৰিছে৷

You might also like