নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ছিটাকৰণৰ পৰ্যায় সম্পৰ্কে সংবাদমেলত ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ কাইলৈৰ পৰা দেশৰ লগতে অসমতো শুভাৰম্ভ কৰিবলগীয়া ক’ভিড ভেকচিন প্ৰসংগত আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত বৰ্তমানৰ ক’ৰোনা পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কিছু তথ্য দাঙি ধৰাৰ পিছত কাইলৈৰ পৰা ক’ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড ভেকচিন একেলগে সৰহকৈ পোৱাটো সম্ভৱ নহয় বাবে ইয়াক পৰ্যায়ক্ৰমে প্ৰদান কৰাৰা ব্যৱস্থা কৰা হৈছে। সেই অনুযায়ী প্ৰথম পৰ্যায়ত ক’ভিড যোদ্ধা অৰ্থাৎ ক’ৰোনা ৰোগীৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত লোকসকলক প্ৰদান কৰা হ’ব ভেকচিন। ক’ভিড যোদ্ধাৰ ভিতৰত পৰিব ডাক্তৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স চালক, চাফাইকৰ্মী।

আনহাতে ক’ভিড যোদ্ধাৰ পিছত ফ্ৰণ্টলাইন ষ্টাফ অৰ্থাৎ আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীক দ্বিতীয় পৰ্যায়ত ছিটাকৰণ কৰা হ’ব।

তৃতীয় পৰ্যায়টো হ’ব গণ ছিটাকৰণ, ইয়াত ছিটা দিয়া হ’ব ৫০ বছৰ ওপৰৰ লোকসকলক। লগতে এই পৰ্যায়ত ৫০ বছৰতকৈ কম বয়সৰ হ’লেও ৰুগীয়া লোক যেনে ডায়েবেটিছ, প্ৰেছাৰ, কিডনীৰ সমস্যাত ভোগা ৰোগী অৰ্থাৎ co-morbid লোকৰো ছিটাকৰণ কৰা হ’ব।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অসমত মুঠ ৬৫টা কেন্দ্ৰত প্ৰথম পৰ্যায়ৰ ছিটাকৰণ আৰম্ভ কৰা হ’ব। ইয়াৰে এটা কেন্দ্ৰত ১০০গৰাকীক ছিটা দিয়া হ’ব, সেই হিচাপে এদিনত মুঠ ৬৫০০গৰাকী লোকক ছিটা প্ৰদান কৰিব পৰা যাব। প্ৰথম পৰ্যায়ত ১.৯ লাখ লোকৰ ছিটাকৰণ কৰা হ’ব। এই পৰ্যায়টো শেষ হওঁতে সময় লাগিব প্ৰায় এমাহ।

You might also like