ক’ভিডত দেওবাৰে আক্রান্ত ১৩৩; এজনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও প্রতিদিনে সংক্রমণ অব্যাহত আছে৷ দেওবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১৩৩গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে দেওবাৰৰ দিনটোত ক’ভিডত আক্রান্ত এগৰাকী লোকৰ মৃত্যু হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি দেওবাৰে অসমত ২০,৮৭০গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ১৩৩গৰাকীৰ দেহত পজিটিভ ধৰা পৰে৷ দেওবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত ১১০গৰাকী কামৰূপ মহানগৰ, ৭গৰাকী যোৰহাট, ৪গৰাকী নগাঁও আৰু ৩গৰাকী ডিব্রুগড় জিলাৰ৷ দিনটোত আক্রান্তৰ হাৰ ০.৬৪ শতাংশ৷
আনহাতে, ক’ভিডত আক্রান্ত হৈ দেওবাৰে কামৰূপ জিলাত এগৰাকী লোকৰ মৃত্যু হয়৷ ইপিনে, ক’ভিডমুক্ত হোৱাৰ পৰিপ্রেক্ষিতত দেওবাৰে ১৬১গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান অসমত ১,৩৪৪গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ দেওবাৰৰ দিনটোত অসমত সুস্থতাৰ হাৰ ৯৮.৫৮ শতাংশ৷