নিয়মীয়া বাৰ্তা, ৮জুনঃ নগাঁৱৰ আমোলাপট্টিৰ কলংপাৰত আতংক। বিভূতি ভট্টাচাৰ্য নামৰ এজন যুৱক আক্ৰান্ত হয় ক’ভিড-১৯ত । অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যই গুৱাহাটীত চাকৰি কৰি আছিল। ৩দিন পূৰ্বে গুৱাহাটীৰ পৰা ঘৰলৈ অহা যুৱকজন নগাঁৱৰ ঘৰতে আছিল। কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নোহোৱাকৈয়ে COVIDত আক্ৰান্ত হয় যুৱকজন। কলংপাৰৰ জখলাবন্ধা পথত থকা যুৱকজনৰ বাসগৃহক কণ্টেইনমেণ্ট হোম ঘোষণা কৰিছে প্ৰশাসনে।
উল্লেখযোগ্য যে যুৱকজনৰ লগত মণি বৰা নামৰ এগৰাকী মহিলাও ঘৰলৈ আহি আছিল। মহানগৰীৰ খানাপাৰাৰ জৱাহৰ নগৰৰ ASTCত কৰ্মৰত আছিল যুৱকজন।