আজি ৰাজ্যত ১ লাখ ক’ভিড টেষ্ট কৰাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ
নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ আজি ৰাজ্যত ১ লাখ ক’ভিড টেষ্ট কৰাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ। ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। বিগত এটা সপ্তাহত বহু টেষ্ট কৰিবলৈ সক্ষম হয় স্বাস্থ্য বিভাগ। সোমবাৰে প্ৰায় ৬০ হাজাৰ আৰু মঙলবাৰে প্ৰায় ৫২ হাজাৰ ক’ভিড টেষ্ট কৰে স্বাস্থ্য বিভাগে। মুঠতে বিগত দুটা দিনত ১ লাখ ১৩ হাজাৰ ৮৭টা টেষ্ট সম্পন্ন কৰে স্বাস্থ্য বিভাগে।